শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভাৰতীয় ক্ৰিকেট জগতৰ তাৰকা খেলূৱৈ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাতৃ অসুস্থ হোৱা বুলি দাবী কৰা হৈছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই স্ক্ৰিণশ্বটটো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এই কথা সত্য হয়নে নহয়, সেয়া জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

কিন্তু এই দাবী সত্য হয়নে? বিৰাট কোহলীৰ মাতৃ সঁচকৈয়ে অসুস্থ নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে এই বিষয়টোক কেন্দ্ৰ কৰি কিছুমান প্ৰাসংগিক কী-ৱৰ্ড লৈ গুগলত সন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ককায়েক বিকাশ কোহলীৰ ইনষ্টাগ্ৰামৰ পোষ্ট এটা পালোঁ। তাত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোকৰ মাতৃ অসুস্থ নহয় আৰু এই ধৰণৰ বাতৰি বিয়পাই দিব নালাগে বুলিও তেওঁ উল্লেখ আৰু আহ্বান কৰিছে।

Archived Link

সমান্তৰালভাৱে আমি এই সম্পৰ্কত একাধিক বাতৰিৰ প্ৰতিবেদনো লাভ কৰিলোঁ, য’ত বিকাশ কোহলীৰ এই স্পষ্টীকৰণৰ কথা উল্লেখ কৰি বিৰাট কোহলীৰ মাতৃ অসুস্থ নহয় বুলি লিখা হৈছে।

তেনেকুৱা বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িবলৈ পাব।

ইয়াৰ পাছত আমি এই ভুল তথ্যৰ উৎসৰ সন্ধান কৰিবলৈ আৰু অধিক সন্ধান কৰোঁতে কেইটামান ফেচবুক পেজ তথা এক্স হেণ্ডেল লাভ কৰিলোঁ। মূলতঃ তাৰ পৰাই এই বাতৰি বিয়পাই দিয়া হৈছিল।

Archived Link

তেনেকুৱা আন এটা ফেচবুক পেজৰ পোষ্ট তলত দিয়া হৈছে।

Archived Link

আমি ভাইৰেল হোৱা স্ক্ৰীণশ্বটটোৰ মূৰ পোষ্টটোও বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ।

Archived Link

আমি এক্সটো তেনেকুৱা ভুৱা বাতৰিৰ পোষ্ট লাভ কৰিলোঁ।

আমোদজনকবাৱে এই আটাইবোৰ পোষ্ট ২০২৪ চনৰ জানুৱাৰী মাহৰ ২৫ তাৰিখে কৰা হৈছিল আৰু আটাইবোৰ একাউণ্টেই পাকিস্তানৰ পৰা পৰিচালিত।

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰে যে ভাৰতীয় ক্ৰিকেট জগতৰ মহা তাৰকা বিৰাট কোহলীৰ মাতৃ অসুস্থ নহয়। তেখেত সম্পূৰ্ণৰূপে সুস্থ-সৱল হৈ আছে। একাংশ ফেচবুক পেজ তথা এক্স হেণ্ডেলে অজ্ঞাত উদ্দেশ্য আগত ৰাখি এই ভুৱা বাতৰি প্ৰচাৰ কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাৰতীয় ক্ৰিকেট জগতৰ মহা তাৰকা বিৰাট কোহলীৰ মাতৃ অসুস্থ নহয়। তেখেত সম্পূৰ্ণৰূপে সুস্থ-সৱল হৈ আছে। একাংশ ফেচবুক পেজ তথা এক্স হেণ্ডেলে অজ্ঞাত উদ্দেশ্য আগত ৰাখি এই ভুৱা বাতৰি প্ৰচাৰ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: বিৰাট কোহলীৰ মাতৃ সঁচাকৈয়ে অসুস্থ নেকি?

Written By: Pranjal Sharma

Result: False