শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ৰমজান মাহ উপলক্ষে প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিস্থআন ডিমাৰ্টে বিশেষ অফাৰ দিয়া বুলি দাবী কৰি সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

আমি দেখিলোঁ যে লিংকটোৰ ইউআৰএলত ডিমাৰ্টৰ কোনো উল্লেখ নাই। আমি তলত কিছুমান কমেণ্ট পালোঁ যদিও সেই একাউণ্টসমুহৰ সৈতে সংযুক্ত হোৱাৰ কোনো উপায় নাই।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে ক্লিক কৰি গৈ গৈ আমি সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ।

কোনোধৰণ ফলপ্ৰসু ব্যৱস্থাৰ ইংগিত আমি লাভ নকৰাত আমি প্ৰথমে ডিমাৰ্টৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ ডিমাৰ্টৰ ফেচবুক পেজটো। তাত আমি এই ধৰণৰ কোনো সুবিধাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট নাপালোঁ।

আনকি ডিমাৰ্টৰ এক্স হেণ্ডেলতো কোনো ধৰণৰ তেনেকুৱা অফাৰ বা সুবিধাৰ কথা উল্লেখ কৰি দিয়া টুইট নেদেখিলোঁ।

ডিমাৰ্টৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই কোনো অফাৰ বা উপহাৰৰ পোষ্ট নেদেখিলোঁ।

শেষত আমি ইউটিউৱত এই সম্পৰ্কত প্ৰাসংগিক কী-ৱৰ্ড দি চাৰ্ছ কৰোতে প্ৰায় সাতমাহ পূৰ্বে আপলোড হোৱা এটা ভিডিঅ’ আৰু দুবছৰ পূৰ্বে আপলোড হোৱা এটা ভিডিঅ’ পালোঁ।সেই ভিডিঅ’ত আমি দেখিলোঁ যে অনুৰূপ ধৰণৰ লিংক ইতিপূৰ্বেও শ্বেয়াৰ হৈছিল আৰু সেইবোৰ ভুৱা আছিল। আমি ভিডিঅ’ত দেখুওৱা লিংকটো আৰু তাৰ ব্যৱস্থাখিনি বৰ্তমান শ্বেয়াৰ হোৱা লিংকটোৰ সৈতে প্ৰায় একেই দেখিলোঁ। তাত কোৱা হৈছে কিদৰে এই লিংকে ব্যৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে , সেই কথা দেখুওৱা হৈছে। সেই ভিডিঅ’টোত দেখুওৱা প্ৰক্ৰিয়াটো আৰু এতিয়া শ্বেয়াৰ হোৱা লিংকটোৰ প্ৰক্ৰিয়াটো প্ৰায় একেই।

আন এটা লিংকতো দেখুওৱা হৈছে যে এই লিংকটোৰ জৰিয়তে কোনো চক্ৰই ব্য়ৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে।

ডিমাৰ্টৰ ৱেবছাইট তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত কোনো তেনেকুৱা পোষ্ট নাপালোঁ আৰু ইউটিউৱত আমি লাভ কৰা লিংকৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। ডিমাৰ্টে কোনো ধৰণৰ তেনেকুৱা সেৱা এই সময়খিনিত প্ৰদান কৰা নাই। এই দাবী মিছা।

এইখিনিটো উল্লেখ কৰিব বিচাৰিছোঁ যে সময়ে সময়ে এইধৰণ ভুৱা লিংক প্ৰচাৰ হৈ থাকে। আমি ফেক্ট ক্ৰেছেণ্ডোৱে এইধৰণৰ ভুৱা লিংকৰ সত্যতা নিৰূপণ কৰি আহিছোঁ। অতি শেহতীয়াকৈ যোৱা ১১ মাৰ্চ ২০২৪ত অনন্ত আম্বানীৰ বিবাহ উপলক্ষে মুকেশ আম্বানীয়ে ফ্ৰী ৰিছাৰ্জ দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা লিংক এটাৰ সত্যতা নিৰূপণ কৰি আপোনালোকক জনাইছিলোঁ সেই লিংকটো ভুৱা।

সেই লেখাটো আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

পাঠক সকললৈ আহ্বান

সময়ে সময়ে এইধৰণৰ ভুৱা লিংক হোৱাটছএপত ভাইৰেল হৈ থাকে। দেখা মাত্ৰকে সেই লিংকত ক্লিক কৰি বিপদত নপৰিব। এইধৰণৰ লিংকৰ জাল পাতি দুষ্ট চক্ৰই ডাটা হৰলুকি কৰাৰ পৰা আৰম্ভ কৰি হেকিঙলৈকে বিভিন্ন অপৰাধ সংঘটিত কৰে। তেনেকুৱা কোনো লিংক পালেই আমাৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰক আৰু সেই লিংকৰ সত্যতা জানক। আমাৰ 24/7 ফেক্ট লাইন নম্বৰ 9049053770।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ডিমাৰ্টে ৰমজান উপলক্ষে কোনো ধৰণৰ বিশেষ সেৱা এই সময়খিনিত প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ডিমাৰ্টে ৰমজান উপলক্ষে কোনো বিশেষ বিক্ৰী সেৱা আগবঢ়োৱা নাই। লিংকটো ভুৱা।

Fact Check By: Pranjal Sharma

Result: False