শেহতীয়াভাৱে অসমৰ হোৱাটছএপক এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ পূৰ্বৰ কেবিনেট মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে এটা ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ মোদী কেবিনেটৰ সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ৫০লাখ কৰ্মচাৰী তথা ৫৬ লাখ পেঞ্চনাৰৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১৬হেজাৰ কোটি টকা ব্যয়সাপেক্ষে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জুলাই মাহৰ পৰা সেই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰা দেখা গৈছে ভিডিঅ’টোত ।

Archived Link

সেই ভিডিঅ’টো অসমৰ হোৱাটছএপত, বিশেষকৈ একাংশ চৰকাৰী কৰ্মচাৰীৰ হোৱাটছএপ গ্ৰুপত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Archived Link

সেই ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি GOVT EMPLOYEES NEWS & INFORMATION নামৰ এটা ইউটিউৱ চেনেলে ৬ অক্টোবৰত এটা ভিডিঅ’ট প্ৰস্তুত কৰি দাবী কৰিছে যে চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰে সেই সুফল লাভ কৰিব। ভিডিঅ’টোত কেপছন লিখিছে-অৱশেষত কৰ্মচাৰীৰ DA 5% বৃদ্ধি||কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা

Archived Link

সেই ইউটিউৱ চেনেলটোৰ লিংকটো হোৱাটছএপ শ্বেয়াৰ কৰি বিভিন্নজনে সেই দাবী সত্য বুলি মানি লোৱা দেখা হৈছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ পৰা কী-ফ্ৰেম লৈ ছাৰ্চ কৰি চোৱাত আমি ABN Telugu নামৰ সংবাদ প্ৰতিস্থানটোৰ ইউটিউৱ চেনেলত তিনি বছৰ পূৰ্বেই ২০১৯চনৰ ৯ অক্টোবৰত আপলোড কৰা এটা বাতৰি লাভ কৰিলোঁ। যিটো ভিডিঅ’ ভাইৰেল হৈছিল, সেইটো সেই চেনেলটোৰ বাতৰিটোৰে কিয়দংশ বুলি আমি প্ৰমান লাভ কৰিলোঁ। ভিডিঅ’টো চাই আমি গম পালোঁ যে এই ঘোষণাটো তিনি বছৰ পূৰ্বৰে।

ইয়াৰ পাছত আমি সেই লিংকটো আঁত ধৰি আৰু একাধিক ইউটিউৱ লিংক লাভ কৰিলোঁ। য’ত পূৰ্বৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কেবিনেটৰ সেই সিদ্ধান্তটো ঘোষণা কৰা দেখা গৈছে। প্ৰতিস্থিত সংবাদ প্ৰতিস্থান The Indian Express ৰ এই সম্পৰ্কত পৰা বাতৰিটোৰ লিংকটোও আমি লাভ কৰিলোঁ। য’ত জাভড়েকাৰে হিন্দীত একেখিনি ঘোষণা কৰা দেখা গৈছে। সেই বাতৰিটোও তিনি বছৰ পূৰ্বেই আপলোড কৰা।

কেৱল ইমানেই নহয় NEWS9 Live আৰু ETV Telangana ৰ দৰে সংবাদ প্ৰতিস্থানেও তিনি বছৰ পূৰ্বেই এই ঘোষণা সন্দৰ্ভত কৰা বাতৰিৰ লিংক আমি লাভ কৰিলোঁ। সেই বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পাছত আমি দেশৰ আগশাৰীৰ সংবাদ প্ৰতিস্থান The Economic Times এ ২০১৯ চনৰ ১১ অক্টোবৰত প্ৰকাশ কৰা এই বিষয়ৰ বাতৰিটো লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে সেই বছৰটোৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ ৫০ লাখ কৰ্মচাৰী তথা ৬৫লাখ পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থাত ১৬হেজাৰ কোটি টকা ব্যয় কৰা হ’ব। সেই বাতৰিটো আপোনালোকে ইয়াত পঢ়িবলৈ পাব।

তদুপৰি ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সেই সিদ্ধান্ত সন্দৰ্ভত দীপাৱলীৰ উপহাৰ আখ্যা দি The Indian EXPRESSএ কৰা বাতৰিটোও আমি লাভ কৰিলোঁ। সেই বাতৰিটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।

ইয়াৰ উপৰিও The Mintযেও ২০১৯ চনৰ ৯ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ উপলক্ষত কৰ্মচাৰীলৈ সুখবৰ লৈ অনা বুলি পৰিবেশন কৰা বাতৰিটোও আমি লাভ কৰিলোঁ। সেই বাতৰিটো ইয়াত পঢ়িব পাৰিব।

এই সকলোবোৰ বাতৰিয়ে প্ৰমান কৰিলে যে যিটো ভিডিঅ’ অসমত এতিয়া ভাইৰেল হৈছে, সেইটো আচলতে ২০১৯চনৰে কেন্দ্ৰীয় চৰকাৰৰ এটা ঘোষণাৰ ভিডিঅ’। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে তেনেকুৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। সেই সন্দৰ্ভত কোনো খবৰ এই মুহূৰ্তলৈকে নাই। এই বিষয়ৰ একেবাৰে শেহতীয়া খবৰটো প্ৰকাশ হৈছিল যোৱা আগষ্টত । সেই মতে ৭ম দৰমহা আয়োগৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া মৰগীয়া বানচ বৃদ্ধি কৰাৰ সম্ভাৱনা আছিল চেপ্তেম্বৰ মাহত। কিন্তু এতিয়ালৈ তেনেকুৱা কোনো ঘোষণা কেন্দ্ৰীয় চৰকাৰে কৰা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। ভাইৰেল হোৱা ভিডিঅ’টো ২০১৯চনৰে অৰ্থাত আজিৰ পৰা তিনি বছৰ পূৰ্বৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধি হোৱা বুলি তিনি বছৰ পুৰণি ভিডিঅ’ ভাইৰেল।

Written By: Pranjal Sharma

Result: False