শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ৰাজধানী দিল্লীলৈ বুলি অগ্ৰসৰ হোৱা কৃষকৰ আন্দোলনক কেন্দ্ৰ কৰি কিছুমান আলোকচিত্ৰ বিয়পি পৰিছে। বিশেষকৈ সীমান্তৱৰ্তী ঠাইত কৃষকক প্ৰতিহত কৰিবলৈ মোদী চৰকাৰে ৰাজপথত বৰ বৰ গজাল পুতি দিছে বুলি দাবী কৰি সেই ফটোবোৰ ব্যৱহাৰ কৰিছে আৰু ফেচবুক আদিত পোষ্ট কৰা দেখা গৈছে। তেনেকুৱা এটা পোষ্টত ব্যৱহাৰকাৰীয়ে তিনিখন ফটো আপলোড কৰা দেখা গৈছে। পোষ্টটোৰে দাবী কৰা হৈছে যে দিল্লীলৈ যাতে কৃষকসকল আহিব নোৱাৰে, তাৰ বাবে চৰকাৰে এই ব্যৱস্থা হাতত লৈছে। পোষ্টটোত লিখা হৈছে এনেদৰে- কৃষক আন্দোলন প্ৰতিহত কৰা কৌশল চৰকাৰৰ।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি পোষ্টটোত ব্যৱহাৰ কৰা ফটো তিনিখনৰ এখন এখনকৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰা আৰম্ভ কৰিলোঁ। প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ নিম্নোক্ত প্ৰথম ফটোখনৰ

তেতিয়া আমি একাধিক ইউটিউ লিংক পালোঁ। ১২ ফেব্ৰুৱাৰী ২০২৪ অৰ্থাত এই লেখা লিখাৰ এটা দিন পূৰ্বে আপলোড কৰা এটা লিংকত আমি আম আদমি পাৰ্টীৰ এগৰাকী নেতাই চৰকাৰৰ কৃষক বিৰোধী স্থিতিক স্বাধীনতা সংগ্ৰামৰ সময়ত ভগত সিং প্ৰভৃতি সংগ্ৰামীৰ প্ৰতি বৃটিছে দেখুওৱা কঠোৰতাৰ সৈতে ৰিজাই সাংবাদিকক সম্বোধন কৰা দেখা গৈছে। সেই ভিডিঅ’টোত ওপৰোক্ত দৃশ্যটো আমি দেখিবলৈ পাওঁ।

তদুপৰি একেটা দিনতে A News Punjab নামৰ চেনেলটোতো পাঞ্জাবী ভাষাত কেপচন লিখা এটা ভিডিঅ’ত এই দৃশ্যটো আমি দেখিলোঁ। কেপচনটো অসমীয়ালৈ অনুবাদ কৰা হ’ল- কৃষকসকলে দিল্লী পাব বুলি ভাবিছেনে? (ਕੀ ਲੱਗਦਾ ਕਿਸਾਨ ਪੁੱਜ ਜਾਣਗੇ ਦਿੱਲੀ?)

এইবাৰ আমি ৰিভাৰ্চ ইমেজ চাৰ্ছ কৰিলোঁ দ্বিতীয়খন ফটোৰে। সেই ফটোখন হৈছে-

তেতিয়া আমি সেই ফটোখন ২০২১ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীৰ ভিতৰত অৰ্থাত আজিৰ পৰা তিনি বছৰ আগতেই ফেচবুক, এক্স, ইনষ্টাগ্ৰাম আদিত বিভিন্নজনে আপলোড কৰি সেই সময়ৰ কৃষক আন্দোলন প্ৰতিহত কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট কিছুমান পালোঁ। তেনেকুৱা কেইটামান পোষ্ট তলত উল্লেখ কৰা হৈছে।

Facebook Link

Instagram LinkInstagram Link

X LinkX LinkX Link

সেই সময়ৰ কৃষক আন্দোলনক প্ৰতিহত কৰিবলৈ চৰকাৰীভাৱে এইদৰে ৰাষ্টাৰ ওপৰত বৰ বৰ লোৰ গজাল পুতি দিয়া হৈছিল। টিক্ৰী আৰু গাজিপুৰ সীমান্তত এইদৰে চিমেণ্টৰ সহায়ত লোৰ গজাল পোতা হৈছিল।

শেষত আমি তৃতীয় অৰ্থাত নিম্নোক্ত ফটোখন ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ।

তেতিয়া আমি সেই ফটোখন ব্যৱহাৰ কৰি লিখা কেইটামান বাতৰিৰ লিংক লাভ কৰিলোঁ। সেই বাতৰিসমুহো ২০২১চনৰে। গাজিপুৰৰ কৃষক আন্দোলনস্থলীত এইদৰে ৰাজপথত লোৰ গজাল পুতি দিয়াৰ কথা উল্লেখ কৰি সেই বাতৰি লিখা হৈছিল। অৰ্থাত এই ফটোখনো সেই সময়ৰ কৃষক আন্দোলনৰ হে। সেই বাতৰিবোৰ আপোনালোকে ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

এইসমুহ তথ্যই প্ৰমান কৰে যে আমি উল্লেখ কৰা ফেচবুক পোষ্টটোত ব্যৱহাৰ কৰা ফটো তিনিখনৰ প্ৰথমখন শেহতীয়া যদিও বাকী দ্বিতীয় আৰু তৃতীয় ফটো দুখন ২০২১ চনৰ ফেব্ৰুৱৰী মাহৰ তদানীন্তন কৃষক আন্দোলনৰ হে। ইয়াৰ অৰ্থ হৈছে নতুনকৈ আৰম্ভ হোৱা কৃষক আন্দোলনৰ সৈতে বাকী দুখন ফটোৰ কোনো সম্পৰ্ক নাই। গতিকে দাবীটো অৰ্ধসত্য বা আংশিকভাৱে মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো আংশিকভাৱে মিছা। প্ৰথম ফটোখন শেহতীয়া যদিও দ্বিতীয় আৰু তৃতীয় ফটো দুখন ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰে। বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে সেই দুখন ফটোৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২১ চনৰে ফটো বৰ্তমানৰ বুলি ব্যৱহাৰ কৰি চৰকাৰে ৰাজপথত গজাল পোতা বুলি দাবী কৰি ফেচবুকত পোষ্ট দিয়া হৈছে।

Written By: Pranjal Sharma

Result: Partly False