
শেহতীয়াভাবে অসমত এখন বিশেষ চিঠি ভাইৰেল হৈ পৰিছে। কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ বেলিকা ৰাজনৈতিক হেঁচা লাভ কৰাৰ বাবে চিবিআইৰ উপ-পৰিদৰ্শক তথা যুটীয়া আয়ুক্ত ডাঃ আকাশ নাগে পদত্যাগ কৰা বুলি দাবী কৰি সেই চিঠিখন ভাইৰেল কৰা হৈছে।
আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি জানিব বিচাৰিলোঁ যে চি বি আইৰ নামত এনে কোনো চিঠি লিখা হৈছে নেকি? কাৰণ বাস্তৱত এইটো এটা ডাঙৰ খবৰ আৰুএই খবৰ সংবাদ মাধ্যম নিশ্চয় ওলালহেঁতেন। কিন্তু আমি এনে কোনো খবৰ লাভ কৰা নাছিলো যিয়ে ভাইৰেল দাবীটো সঠিকভাৱে নিশ্চিত কৰিব পাৰে। আমি সংবাদ মাধ্যমৰ শেহতীয়া বিভিন্ন প্ৰতিবেদন পৰীক্ষা কৰিলোঁ। তাৰ পৰা জানিব গৈছে যে বিষয়টো চিবিআইয়ে তদন্ত কৰি আছে। হত্যাকাণ্ডৰ গোচৰৰ ষ্টেটাছ ৰিপৰ্ট ২০২৪ চনৰ ২২ আগষ্টত চিবিআইয়ে সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। অমৰ উজালাৰ (আৰ্কাইভ) খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত চিবিআইয়ে কৈছে কৰিছে যে কলকাতাৰ সেই গোচৰটো ঢাকি ৰখাৰ চেষ্টা কৰা হৈছিল। ২০ আগষ্টত উচ্চতম ন্যায়ালয়ে suo motu cognizance লৈ আৰ. জি. কৰ হাস্পতাল কাণ্ডৰ শুনানি গ্ৰহণ কৰিছিল। একেটা শুনানিৰ সময়তে আদালতে চিবিআই আৰু বংগ চৰকাৰক এই ঘটনাৰ তদন্তৰ ষ্টেটাছ ৰিপৰ্ট আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
ইয়াৰ পাছত আমি আজ টকে (আৰ্কাইভ) প্ৰকাশ কৰা প্ৰতিবেদনখন চালোঁ। ইয়াত কলকাতা ধৰ্ষণ কাণ্ড সন্দৰ্ভত চিবিআইয়ে এতিয়ালৈকে কৰা কামৰ বিষয়ে ১০টা পইণ্টৰ ভিত্তিত ব্যাখ্যা কৰা হৈছিল। বাতৰিত লিখা হৈছে যে কলকাতাৰ আৰ. জি. কৰ মেডিকেল কলেজ হাস্পতালত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ তদন্ত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চি বি আইয়ে ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিছিল। ঘটনাটোৰ লগত হেতালি খেলাৰ দাবীৰ সমান্তৰালকৈ চিবিআইয়ে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক লৈও ডাঙৰ ডাঙৰ দাবী উত্থাপন কৰিছিল।
আমাৰ অনুসন্ধানত আমি এনে কিছুমান বাতৰি প্ৰকাশ হোৱা দেখিলোঁ য’ত ভাইৰেল চিঠিখন চিবিআইৰ উদ্ধৃতিৰে ভুৱা বুলি অভিহিত কৰা হৈছে। ২০২৪ চনৰ ২০ আগষ্টত প্ৰকাশিত দ্য হিন্দু (আৰ্কাইভ)ৰ প্ৰতিবেদন অনুসৰি কলকাতা ধৰ্ষণ আৰু হত্যাৰ গোচৰত চিবিআইয়ে সংস্থাটোৰ অস্তিত্বহীন বিষয়াৰ ভুৱা চিঠি চিনাক্ত কৰিছে। যিটো সন্দৰ্ভত চিবিআইয়ে কয় যে কলকাতা গোচৰৰ সৈতে জড়িত কৰি এজেন্সীটোৰ বিষয়া বুলি দাবী কৰা এজন ব্যক্তিৰ নামত এখন ভুৱা চিঠি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে।
এই তথ্য আমি দ্য টাইমছ অৱ ইণ্ডিয়া (আৰ্কাইভ)ৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনতো পালোঁ। ইয়াৰ পৰা আমি বুজিলোঁ যে চিবিআইৰ নামত ভাইৰেল হোৱা চিঠিখন ভুৱা।
তাৰ পাছতেই আমি পিআইবি (আৰ্কাইভ)ৰ এক্স হেণ্ডেলত এটা পোষ্ট পালোঁ, য’ত ভাইৰেল চিঠিখন ভুৱা বুলি নিশ্চিত কৰা হৈছিল।
আমাৰ সন্ধানত আমি চিবিআইৰ অফিচিয়েল এক্স-পোষ্ট (আৰ্কাইভ)ৰ জৰিয়তে এই বিষয়টোৰ ওপৰত এটা তথ্য পাইছিলোঁ। সংলগ্ন টুইট অনুসৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত গোচৰটোৰ চিবিআইৰ তদন্ত সন্দৰ্ভত ভুৱা পত্ৰখনৰ সন্দৰ্ভত এইটো স্পষ্টীকৰণ। প্ৰেছ বিজ্ঞপ্তিটোত লিখা হৈছে যে ডাঃ আকাশ নাগ নামৰ এজন বিষয়াৰ উদ্ধৃতি দি জাৰি কৰা পত্ৰখন ভুৱা। এই নামৰ কোনো বিষয়া চিবিআইৰ তদন্তকাৰী দলৰ সৈতে জড়িত নহয়। এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে দিল্লীৰ চিবিআই মুখ্য কাৰ্যালয়ে। চিবিআইয়ে লগতে ৰাইজক এনে কোনো ভুৱা চিঠিক আওকাণ কৰিবলৈ আহ্বান জনাই কয় যে চিবিআইয়ে সকলো মানসম্পন্ন পদ্ধতি অনুসৰণ কৰি পেছাদাৰীভাৱে গোচৰটোৰ তদন্ত কৰি আছে।
ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিল যে আৰ. জি. কৰ ধৰ্ষণ কাণ্ডৰ তদন্তৰ পৰা পদত্যাগ কৰা বুলি চিবিআই বিষয়াগৰাকীৰ নামত প্ৰচাৰ কৰা চিঠিখন ভুৱা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। আৰ. জি. কৰ হাস্পতালৰ ধৰ্ষণ-হত্যাকাণ্ডৰ চিবিআই তদন্তত ৰাজনৈতিক হেঁচাৰ বাবে জনৈক ডাঃ আকাশ নাগৰ নামত প্ৰচাৰ কৰা চিঠিখন ভুৱা। তেনে কোনো বিষয়া তদন্তকাৰী এজেন্সীটোত নায়েই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাজনৈতিক হেঁচাত কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তকাৰী চিবিআই বিষয়াই পদত্যাগ কৰা বুলি প্ৰচাৰ কৰা চিঠিখন ভুৱা।
Fact Check By: Pranjal SharmaResult: False
