
শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ভিডিঅ’ অসমৰ ফেচবুকত দেখা পোৱা গৈছে। তদুপৰি ইউটিউৱতো সেই একেধৰণ দাবীৰে ভিডিঅ’টো আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ফেচবুক ব্যৱহাৰকাৰীয়ে সেই নিৰ্দিষ্ট ভিডিঅ’টো আপলোড কৰি লিখিছে- ৰাষ্টাত গজাল পুতি,বেৰিকেড দি ৰখাব নোৱাৰে প্ৰতিবাদী কৃষকক। বেলেগ ৰাষ্টা উলিয়াই লৈছে কৃষকে। মুথতে দিল্লি কপিবয়ে।

দাবী কৰা হৈছে যে সেয়া দিল্লী অভিমুখী প্ৰতিবাদী কৃষকৰ দৃশ্য।
অনুৰূপ দাবী আন ফেচবুক পোষ্টটো আমি দেখা পালোঁ।
সমান্তৰালভাৱে ইউটিউৱতো আমি তেনেকুৱা দাবীৰে একেটা ভিডিঅ’ আপলোড কৰা দেখা পালোঁ।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ পৰা কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালোঁ। তেতিয়া আমি চলিত মাহটোতেই বিভিন্ন দিনত এই ভিডিঅ’টো ইউটিউৱত কৃষক আন্দোলনৰ লগত সংগতি ৰাখি আপলোড কৰা অৱস্থাত পালোঁ। তেনেকুৱা ভিডিঅ’ ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।
ভিডিঅ’টোত আমি মন কৰিলোঁ যে যিখন ট্ৰলী দেখা গৈছে তাত ইংৰাজীত PAW বুলি লিখা আছে।

সেই PAW শব্দটোৰ আঁত ধৰি আৰু গুগলত চাৰ্ছ কৰি চালোঁ। তেতিয়া আমি paw_bilga
নামৰ ইনষ্টাগ্ৰাম আইডিটোৰ সম্ভেদ পাৰোঁ। তাত লিখা আছিল PLAHA AGRI INDUSTRIES.
Industrial Company
World wide No-1 Trailer’s✈️
Admin-@karan_plaha73
9872007333 contact us for any enquiry
Since1960
আমি দেখিলোঁ যে বিভিন্ন ট্ৰলীৰ ফটো তাত আপলোড কৰি থোৱা আছে।

বেলেগ বেলেগ ধৰণৰ ট্ৰলীবোৰত এটা শব্দ আছিল উমৈহতীয়া। সেয়া হৈছে PAW।

আমি সেই ফটোবোৰ ভালকৈ মন কৰোতে দেখিলোঁ যে প্ৰতিখন ট্ৰলীটো “SIDHU, NIJJAR, KANG,CHAHAL,PAWRA,CHEEMA” আদি বিভিন্ন শব্দ লিখা আছে। সেই মৰ্মে আমি অনুসন্ধান আগুৱাই নিলোঁ আৰু এটা সময়ত luxury_trolley_wale নামৰ ইনষ্টাগ্ৰাম আইডিটোৰ সহায়ত taljinder_singh_cheema নামৰ ব্যক্তিগৰাকীৰ আইডিটোৰ সন্ধান লাভ কৰিলোঁ।

তেওঁ সেই ভিডিঅ’টো ২০২৩চনৰ ৮ ডিচেম্বৰতেই আপলোড কৰি থোৱা অৱস্থাত আমি পালোঁ।
আমি সেই ভিডিঅ’টো আন এগৰাকী ব্যৱহাৰকাৰী এই প্ৰতিবেদন লিখাৰ ৫ দিন পূৰ্বে এটা কমেণ্ট কৰা দেখা পালোঁ। তেওঁ হিন্দী ভাষাত লিখা কমেণ্টটো হৈছে- ट्रैक्टर से सिर्फ खेत नहीं, सरकार का गुरूर भी जोता जाता है (ট্ৰেক্টৰেৰে কেৱল খেতি পথাৰত হাল বাবয়ে নোৱাৰি চৰকাৰৰ অহংকাৰো ভাঙিব পাৰি) । ইয়াৰ পৰাই আমি অনুমান কৰিলোঁ যে পুৰণি ভিডিঅ’টোত এই কমেণ্টটো কৰি বৰ্তমানৰ পৰিস্থিতিৰ ক্ষেত্ৰত কৃষকৰ মনোবলক বুজাব খোজা হৈছে। বিভিন্নজনে তেওঁ সেই কমেণ্টক সমৰ্থনো কৰা দেখিলোঁ আমি।

কিন্তু মূল ভিডিঅ’টোত তলজিন্দৰ সিং চিমা নামৰ ব্যক্তিগৰাকীয়ে তেনেকুৱা কোনো কেপছন লিখা নাছিল বাবে আমি ইনষ্টাগ্ৰামত সেই ব্যক্তিগৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ আৰু সেই ভিডিঅ’টোৰ সবিশেষ জানিব বিচাৰিলোঁ। তেওঁ আমাক জনালে যে সেই ভিডিঅ’টো ২০২২চনত বৈশাখী মেলাৰ সময় ৰূপনগৰ জিলাত কীৰতপুৰ নামৰ এক জলাশয়ত ৰেকৰ্ড কৰিছিল। পৰৱৰ্তী সময়ত সেইটো আপলোড কৰিছিল নিজৰ একাউণ্টত আৰু সেই ভিডিঅ’ বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে সংযোগ কৰি বিভিন্নজনে আপলোড কৰিছে।



ইয়াৰ পৰায়ে প্ৰমান হয় যে শেহতীয়াভাৱে কৃষক আন্দোলনৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা সেই ভিডিঅ’টো আচলতে ২০২২চনতে তোলা আৰু ২০২৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে। ভিডিঅ’টোৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো আচলতে ২০২২চনতে তোলা আৰু ২০২৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে। ভিডিঅ’টোৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনৰ ৮ ডিচেম্বৰতে আপলোড কৰা ভিডিঅ’ বৰ্তমানৰ কৃষক আন্দোলনৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।
Written By: Pranjal SharmaResult: False
