শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত এগৰাকী হিন্দু মহিলাক বলপূৰ্বক অপহৰণ কৰি লৈ যোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কেইজনমান মানুহে এগৰাকী মহিলাকে ডাংকোলাকৈ লৈ আনি গাড়ী এখনত উঠাইছে আৰু ভিডিঅ’ত মহিলাগৰাকীয়ে চিঞৰি উঠাও শুনা হৈছে। এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত সেই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা,দিন দুপৰে নোয়াখালী দুলাল চন্দ্ৰ পালৰ কন্যাক এইদৰে উঠাই লৈ যায়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc8jF7osj6MXvTbA85qOSa9qVuAHmTZ0E4Tr6P_qFueoecgvoc4ssnSSKRx6xqVZxtxIPZjlJrKg3Li9mgEtqcm3chymAdwpUGnqAM0LUIxtI_feiIp-xbbUhO1smJqovr6VJVYT7OL9jcleYQxSSaU5-I?key=XCzUBIXhZ4qntry93pY47g

সেই ভিডিঅ’টো প্ৰায় ৪ লাখৰো অধিক লোকৰ মাজত ব্যাপকভাৱে বিয়পি কৰা দেখা গৈছে।

Facebook LinkArchived Link

একেই দাবীৰে আন এটা ফেচবুকত পোষ্টত ভিডিঅ’টো আপলোড কৰি লিখিছে- ভয়ংকৰ দৃশ্য।বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা,দিন দুপৰে নোয়াখালী দুলাল চন্দ্ৰ পালৰ কন্যাক এইদৰে উঠাই লৈ যায়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeehc2k3iFW6hPdBmplKmWs8WDZru8afUA6xSIfC4gnn5_IeL3e70x_85NdyZTDbtbXdCstXVcGdn63_Jd80r0tuB5l__TWJMxNm2_uqzyObfQCx9pQs_UDRRRv2rwmcLy63dIc70-gPPVxEq_uAASDPpgW?key=XCzUBIXhZ4qntry93pY47g

Facebook LinkArchived Link

আন এটা ফেচবুক পোষ্টটো সেই একেই দাবীৰে একেই ভি়ডিঅ’ আপলোড কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপছনত লিখা ‘দুলাল চন্দ্ৰ পাল’ আৰু ‘নোয়াখালি’ শব্দকেইটাৰ ভিত্তিত কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি বাংলা ভাষাত কেপছন লিখা এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ, তাত উল্লেখ কৰা হৈছে যে নোয়াখালিৰ সেনবাগ থানাৰ অন্তৰ্গত মইশাই গাঁৱৰ দুলাল চন্দ্ৰ পালৰ কন্যাক অপহৰণ কৰিবলৈ চেষ্টা কৰা তিনিজন লোকক স্থানীয় ৰাইজ আৰু সেনাবাহিনীয়ে আটক কৰে আৰু বাকীকেইজন পলায় যায়।

ইয়াৰে আঁত ধৰি আৰু আৰু অধিক অনুসন্ধান কৰোতে বাংলাদেশৰ পৰা প্ৰকাশিত একাধিক সংবাদ প্ৰতিস্থানৰ বাতৰি লাভ কৰিলোঁ। সেই বাতৰিত আমি এই ঘটনাটোৰ সবিশেষ জানিব পাৰিলোঁ। বাতৰি অনুসৰি প্ৰসেনজিত নামৰ লোক এজনে তেওঁৰ বিচ্ছেদিত পত্নীক ১৭-১৮জনীয়া লোকৰ দল এটা লগত লৈ দুখন গাড়ীৰে আহি শহুৰ দুলাল চন্দ্ৰ পালৰ ঘৰৰ পৰা বলপূৰ্বক উঠাই লৈ যোৱাৰ চেষ্টা কৰিছিল। লগে লগে ঘৰৰ মানুহ তথা ওচৰ চুবুৰীয়াই চিঞৰ-বাখৰ কৰি একত্ৰিত লৈ দলটোক বাধা দিবলৈ চেষ্টা কৰে আৰু এখন গাড়ীৰ ক্ষতিসাধন কৰি সেনাবাহিনীৰ সহযোগত প্ৰসেনজিতসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় আৰু মহিলাগৰাকীক উদ্ধাৰ কৰে। কিন্তু বাকী অপহৰণকাৰীকেইজন পলায়। bdnews24.com ত প্ৰকাশিত বাতৰিত এইদৰে উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeE5TfoYwqMOes9XCnOSXK_nit2xYOd0jo7mSqAPprUlueDJcQlqi32n4x8SVb5z0FpOt6xv2jy1-tgDPyZWOj2buw820Hq2bFQp0Y23gDK2Qb-LxLwO1CfLeIFgjF9kVg_mAQS4-dC1hVqEGnLJzXmK8iL?key=XCzUBIXhZ4qntry93pY47g

আনহাতে বাংলাদেশৰ সোণালীনিউজৰ বাতৰিত ঘটনাৰ সবিশেষ পঢ়ি জানিব পাৰিলোঁ যে সোনাবাগৰ ডাঃ দুলাল চন্দ্ৰ পালৰ কন্যা সুবৰ্ণা ৰাণী পালৰ চাৰি বছৰ পূৰ্বে কুমিল্লা সদৰৰ দক্ষিণ বিজয়পুৰৰ প্ৰসেনজিতৰ সৈতে প্ৰেম বিবাহ হৈছিল। কিন্তু যৌতুকৰ দাবীত প্ৰসেনজিতে সুবৰ্ণাক অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল বিবাহৰ পাছতেই। প্ৰথমে ১০ লাখ টকা দাবী কৰে আৰু তাৰে ৩ লাখ টকা দিয়াৰ পাছতো এই অত্যাচাৰ অব্যাহত থাকে। তাৰ বাবেই দুবছৰ পাছত আইনীভাৱে দুয়োৰে বিচ্ছেদ হয় আৰু প্ৰসেনজিতে সুবৰ্ণাক এক লাখ আশী হাজাৰ টকা পৰিশোধ কৰাৰ ৰায় প্ৰদান কৰা হয়। প্ৰসেনজিতে সেই ধন পৰিশোধ কৰিবলৈ অমান্তি হোৱাত ডেৰ মাহ পূৰ্বে আদালতৰ দ্বাৰস্থ হয় সুবৰ্ণা। সেই সময়তো প্ৰসেনজিতৰ পৰিয়ালৰ লোকে বহুকেইজন লোকৰ সহযোগত আদালতৰ পৰায়ে সুবৰ্ণাক অপহৰণৰ অপচেষ্টা কৰে। সেই সময়ত জাতীয় জৰুৰী সেৱাৰ নম্বৰ ৯৯৯ত ফোন কৰি কোনোমতে ৰক্ষা পৰে মহিলাগৰাকী। কিন্তু যোৱা ৮ আগষ্ট বৃহস্পতিবাৰে প্ৰসেনজিতে দুখন গাড়ীত ১৭-১৮জনীয়া এটা পুৰুষৰ দল লৈ দুলাল চন্দ্ৰ পালৰ ঘৰত উপস্থিত হয় আৰু নিজৰ বিচ্ছেদিত পত্নী সুবৰ্ণাক ঘৰৰ পৰাই উঠাই লৈ যাবলৈ চেষ্টা কৰে আৰু আটক হয়। সেই সময়ৰ এক দৃশ্য মোবাইলৰ কেমেৰাত বন্দী হয় আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeGAg-E5LEbzWtU1zob_nYIJTmq57m_kczGVVPTZmk7iYusDP9Gyt6ox7u60qmFpu7Ba512NtBMdBes_SIrhaHNbzMvIqwidZU6Oin2R2-8BMxjwht-4BRl2SxTHRynl7YNInfWf5h9tk1hkNltqV1qeLMs?key=XCzUBIXhZ4qntry93pY47g

এইখিনি তথ্যৰ পৰা আমি জানিব পাৰিলোঁ যে ঘটনাটো আচলতে এক পাৰিবাৰিক সংঘাটৰ হে। স্বামী-স্ত্ৰীৰ মাজত থকা পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতিত এই পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

ইয়াৰ পাছত আমি ইয়াৰ সত্যাপনৰ বাবে আৰু অধিক কোনো তথ্য লাভ কৰোঁ নেকি, তাৰেই সন্ধান কৰিলোঁ। প্ৰাসংগিক কী-ৱৰ্ড ছাৰ্চৰ জৰিয়তে আমি কেইটামান ভিডিঅ’ লাভ কৰিলোঁ। ঘটনাৰ দিনা অৰ্থাত যোৱা ৮ আগষ্ট ২০২৪ত Mahfuz Alam নামৰ ফেচবুক একাউণ্ট এটাৰ পৰা কৰা এটা লাইভ ভিডিঅ’ আমি লাভ কৰিলোঁ। তাত আমি প্ৰসেনজিতসহ ৰাইজৰদ্বাৰা আটকাধীন তিনিওজনকে দেখা পালোঁ। তাত উল্লেখ কৰা হৈছে যে তেওঁলোক হিন্দু।

https://www.facebook.com/share/v/3tPxJXN3ygk7CqRj

ইয়াৰ পাছত আমি আন এটা ভিডিঅ’ পালোঁ। Liton Chakraborty Mithun নামৰ একাউণ্টটোৰ পৰা Clarification on the Noakhali Hindu girl abduction case: DON'T SPREAD RUMOR শীৰ্ষক ভিডিঅ’টোত কোৱা হৈছে যে সেই ঘটনাটো কোনো সাম্প্ৰাদিয়ক ঘটনা নহয়। সেয়া এক সম্পূৰ্ণ পাৰিবাৰিক কন্দলৰ ঘটনাহে আচলতে। ঘটনাটোত জৰিত দুয়োপক্ষয়ে হিন্দু।

আন এক ফেচবুক পেজৰ পৰা এই ঘটনাটোৰ সত্যতা সম্পৰ্কত এক ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ নহয় বৰং এক পাৰিবাৰিক কলহৰ ফল বুলি উল্লেখ কৰিছে।

এই সমস্ত তথ্যৰ পৰা আমি আস্বস্ত হৈছোঁ যে অসমৰ সামাজিক মাধ্যমত বাংলাদেশত বৰ্তমান হিন্দু মহিলা অসুক্ষিত আৰু শেহতীয়াকৈ হিন্দু মহিলাক এইদৰে অত্যাচাৰ কৰি উঠাই লৈ যোৱা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভিডিঅ’টো আচলতে দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাদৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা এক ঘটনাৰ দৃশ্য হে। ইয়াৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সৈতে সম্পৰ্ক কিম্বা হিন্দু-মুছলমান কেন্দ্ৰীক কোনো দিশ নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো আচলতে দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাদৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা এক ঘটনাৰ দৃশ্য হে। ইয়াৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্ক কিম্বা হিন্দু-মুছলমান কেন্দ্ৰীক কোনো দিশ নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশৰ দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ বিবাদৰ ফলত হোৱা ঘটনাৰ ভিডিঅ’ বিভ্ৰান্তিকৰভাৱে হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে

Fact Check By: Pranjal Sharma

Result: Misleading