
শেহতীয়াভাবে অসমত এটা বিশেষ খবৰ ভাইৰেল কৰা হৈছে যে অতি শেহতীয়া পুৰীৰ জগন্নাথ ৰথযাত্ৰাত হোৱা ঠেলা-হেঁচাত মানুহৰ ভৰিৰ গচকত ৪০০জন ভক্ত আহত হৈছে আৰু তিনিজন ভক্তৰ মৃত্যু ঘটিছে। আহতসকলৰ বহুজনৰ অৱস্থা সংকটজনক বুলিও উল্লেখ কৰা হৈছে। তদুপৰি মৃতকৰ সংখ্য়া বাঢ়িব পাৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ বুলি প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজে জগন্নাথ ৰথযাত্ৰাৰ এখন ফটো আপলোড কৰি এই খবৰটো প্ৰচাৰ কৰি লিখিছে-
পুৰি জগন্নাথৰ ৰথ যাত্ৰাত হোৱা ঠেলা হেঁচাত পৰি ভৰিৰ গচকত আহত ৪০০ জন ভক্ত।
তিনিজনৰ মৃত্যু হোৱাৰ খবৰ। আহতৰ কেইবাজনৰো অৱস্থা সংকটজনক। মৃতকৰ সংখ্যা বাঢ়িব পাৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।”
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি সেই বিষয়ে কোনো বাতৰি দেশৰ আগশাৰীৰ প্ৰতিস্থিতি আৰু নিৰ্ভৰযোগ্য সংবাদ মাধ্যমে সম্প্ৰচাৰ বা প্ৰকাশ কৰিছে নেকি তাৰেই সন্ধান কৰিলোঁ। তেতিয়া আমি NDTVৰ এটা বাতৰি লাভ কৰিলোঁ, য’ত উল্লেখ কৰা হৈছে যে ৰথযাত্ৰাৰ সময়ত হোৱা শ্বাসৰূদ্ধকৰ পৰিবেশৰ বাবে এজন লোকৰ মৃত্যু ঘটিছে আৰু পদপিষ্টসদৃশ পৰিবেশৰ বাবে আন বহুজন আহত হৈছে। তাত কিন্তু অসমৰ ফেচবুক পেজটোৱে দাবী কৰাৰ দৰে ৩জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হোৱা নাই। সম্পূৰ্ণ বাতৰিটো সবিস্তাৰে ইয়াত চাব পাৰিব।
ANIৰ বাতৰিটো বহুকেইজন আহত হোৱা বুলি কোৱা হৈছে। কিন্তু তিনিজনৰ মৃত্যু হোৱা বুলি ইয়াতো উল্লেখ কৰা নাই।
ABP Liveৰ বাতৰি অনুসৰি ৰথযাত্ৰাত এজন লোকৰ উশাহ বন্ধ হৈ মৃত্যু ঘটিছে আৰু ৮জন লোক হস্পিতালত ভৰ্তি হ’বলগীয়া হৈছে।
DECCAN HERALDৰ বাতৰি অনুসৰিও এজন লোকৰ হে মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে। ইয়াতো তিনিজনৰ মৃত্যুৰ কোনো তথ্য নাই।
Outlookৰ বাতৰিটোতো প্ৰকাশ কৰা হৈছে যে এজন লোকৰ হে মৃত্যু ঘটিছে জগন্নাথ ৰথযাত্ৰাত। তিনিজনৰ নহয়।
The Indian EXPRESSএও তেওঁলোকৰ বাতৰিত প্ৰকাশ কৰিছে যে ৰথযাত্ৰাত হোৱা পদপিষ্ট সদৃশ পৰিবেশত দমবন্ধ হৈ এজন লোকৰ মৃত্যু ঘটিছে আৰু আন কেইবাজনো আহত হৈছে। তাতো কিন্তু তিনিজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হোৱা নাই।
হিন্দী সংবাদ প্ৰতিস্থান জাগৰণতো এজন লোকৰ মৃত্যুৰ খবৰেই প্ৰকাশ কৰা হৈছে।
এই বিষয়ত ওডিশ্বাৰ স্থানীয় উড়িয়া সংবাদ মাধ্যমৰ বাতৰিৰ সন্ধান কৰোতে আমি একাধিক বাতৰি লাভ কৰিলোঁ য’ত প্ৰচাৰ কৰা হৈছে যে এজন লোকৰ মৃত্যু ঘটিছে। সংবাদ নামৰ সংবাদ প্ৰতিস্থানৰ ରଥଯାତ୍ରାର ଭିଡ଼ ଭିତରେ ଅଣନିଃଶ୍ବାସୀ ହୋଇଗଲେ ଜଣେ ଭକ୍ତ, ଡାକ୍ତରଖାନାରେ ମୃତ ଘୋଷିତ শীৰ্ষক বাতৰিত লিখা হৈছে যে শোভাযাত্ৰাৰ ভিৰৰ মাজতে চেতনাহীন হৈ পৰা এজন ভক্তক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয়।
তদুপৰি ETV Bharat Odishaৰ ପୁରୀରେ ରଥଟଣା ବେଳେ ଭକ୍ତଙ୍କ ମୃତ୍ୟୁ, ୪ ଲକ୍ଷର ଅନୁକମ୍ପା ରାଶି ଘୋଷଣା କଲେ ମୁଖ୍ୟମନ୍ତ୍ରୀ শীৰ্ষক বাতৰিত লিখা হৈছে যে পুৰীত ৰথ টনাৰ সময়ত ভক্তৰ মৃত্যু, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৪ লাখ টকাৰ ক্ষতিপূৰণ। ইয়াতো কিন্তু ৩জন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হোৱা নাই।
শেষত আমি পুৰীৰ অৰ্গুজ নিউজত কৰ্মৰত স্থানীয় সংবাদিক আলোক আশুতোষ নায়কৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ। তেওঁ আমাক জানিবলৈ দিয়ে যে তাত হঠাত বলভদ্ৰৰ ৰথৰ কাষত দৌৰাদৌৰিৰ দৰে এক পৰিবেশৰ সৃষ্টি হয় আৰু কেইবাজনো লোক আহত হয়। ভিৰৰ বাবে এক দমবন্ধ পৰিবেশৰ সৃষ্টি হোৱাত তাৰেই এজন ভক্তই চেতনা হেৰুৱায় আৰু তেওঁৰ পৰৱৰ্তী সময়ত মৃত্যু ঘটে।
ইমানখিনি তথ্য প্ৰাপ্তিৰ অন্তত আমি নিশ্চিত হৈছোঁ যে অতি শেহতীয়াকৈ পুৰীৰ জগন্নাথ ৰথযাত্ৰাত হোৱা এক অপ্ৰীতিকৰ ঘটনাত বহুকেইজন লোক আহত হৈছে সঁচা কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰান হেৰুওৱা লোক এজনহে। অসমৰ ফেচবুক পোষ্টটোৱে দাবী কৰাৰ দৰে তিনিজন নহয়। দাবীটো বিভ্ৰান্তিকৰ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। পুৰীৰ জগন্নাথ ৰথযাত্ৰাত পদপিষ্ট সদৃশ পৰিবেশত শ্বাসৰূদ্ধ হৈ এজন লোকৰ হে প্ৰাণহানি হৈছে। তিনিজনৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰীৰ জগন্নাথ ৰথযাত্ৰাত শ্বাসৰূদ্ধ হৈ এজন লোকৰহে প্ৰাণহানি হৈছে, তিনিজনৰ নহয়।
Fact Check By: Pranjal SharmaResult: Misleading
