এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

False National

শেহতীয়াকৈ তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সংঘটিত হিংসাত্মক কাৰ্য্য হিচাপে দুষ্কৃতিকাৰীয়ে বহু মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’সমূহক ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত বিয়পি পৰা মিছা অপপ্ৰচাৰৰ অংশ বুলি অভিহিত কৰিছে। তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ উৰাবাতৰি আৰক্ষীয়ে খাৰিজ কৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ হেল্পলাইন তৈয়াৰ কৰিছে। আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু সতৰ্কবাণীৰ পিছতো এতিয়াও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই দাবীসমূহৰ সমৰ্থনত বহু ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। তামিলনাডুৰ বুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে এজন ব্যক্তিয়ে এখন দোকানত জুই লগাই আঁতৰি গৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে দোকানখনৰ নামটো কাউণ্টাৰত লিখা আছে। কিন্তু নামটো মালায়ালম ভাষাতহে লিখা আছে, তামিলত নহয়।

দোকানৰ কাউণ্টাৰত লটাৰী শব্দটো মালয়ালম ভাষাত ലോട്ടറീസ് বুলি লিখা আছে। এই সম্ভেদ লৈ আমি অনলাইনত আনুষংগিক বাতৰি বিচাৰিলোঁ। এই ঘটনা সন্দৰ্ভত আমি “মনোৰমা নিউজ”ৰ এই বাতৰিটো পালোঁ।

বাতৰিত প্ৰকাশ পোৱা অনুসৰি ভিডিঅ’টোত দেখা মানুহজনে শুকুৰবাৰে সন্ধিয়া কেৰালাৰ থ্ৰিপপুনিথুৰাত মীনাক্ষী লটাৰী নামৰ লটাৰী দোকান এখনত অগ্নিসংযোগ কৰে। প্ৰতিবেদনত কোৱা হৈছে যে লোকজনে এই কাৰ্য সংঘটিত কৰাৰ পূৰ্বে ফেচবুক লাইভৰ জৰিয়তে নিজৰ উদ্দেশ্য ঘোষণা কৰিছিল। লগতে তেওঁ কয় যে তেওঁ ‘ক্ৰ’নি কেপিটেলিজম’ৰ প্ৰতিবাদ হিচাপে এই লটাৰী ষ্ট’ৰখন জ্বলাইছে।

মথৰুভূমিৰ বাতৰি অনুসৰি, ১.৫ লাখ মূল্যৰ সম্পত্তি অগ্নিকাণ্ডত নষ্ট হয়। পিছত কেৰালা আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰে, যাৰ নাম ৰাজেশ। তেওঁৰ কোনো মানসিক সমস্যা আছে নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে ৰাজেশে ফেচবুক লাইভ আহি মীনাক্ষী এজেন্সীৰ লটাৰীৰ দোকান এখন জ্বলাই দিয়াৰ কথা ঘোষণা কৰিছিল। ‘ক্ৰ’নি কেপিটেলিজম’ আৰু ‘ভুৱা’ কমৰেডৰ বিৰুদ্ধে এয়া তেওঁৰ প্ৰতিবাদ বুলিও তেওঁ দাবী কৰে। তেওঁ কেৰেলাৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু কমিউনিষ্ট নেতা ই.এম.এছ নামবুদিৰিপাদৰ নাম লয় আৰু তেওঁৰ এই কাৰ্য্যই ‘প্ৰকৃত কমিউনিজম’ আনিব বুলি ঘোষণা কৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো হ’ল আচলতে কেৰেলাৰহে। গতিকে দাবী কৰাৰ নিচিনাকৈ এই ভিডিঅ’টো তামিলনাডুৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *