দুগৰাকী মহিলাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে আৰু এই দাবী কৰা হৈছে যে তেওঁলোক প্ৰকৃততে চীনৰ চাংহাইত অনুষ্ঠান পৰিৱেশন কৰা ৰবট।

ভিডিঅ’টোৰ কেপচনত লিখা আছে “এই নৃত্যটো ভালদৰে চাওক। চাংহাইৰ ডিজনীলেণ্ডত নাচি থকা এই দুগৰাকী মানুহ নৃত্যশিল্পী নহয়, চীনত নিৰ্মিত দুটা ৰবটহে। নৃত্যৰ দৈৰ্ঘ্য মাত্ৰ পাঁচ মিনিট। কিন্তু এই নৃত্য চাবলৈ টিকট কিনিবলৈ অপেক্ষাৰ সময় ৪ ঘণ্টা। এই নৃত্য চাবলৈ টিকটৰ মূল্য ৪৯৯ ইউয়ান, যিটো ৭৫ ডলাৰৰ সমতুল্য। ৰবটৰ মুখৰ ভাব ইমানেই নিখুঁত যে প্ৰকৃত মানুহৰ পৰা পৃথক কৰাটো কঠিন”।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি মূল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ২০১৭ চনৰ ১১আগষ্টত ইণ্ডিয়ান ৰাগা ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ পালোঁ।আমি গম পালোঁ যে ইণ্ডিয়ান ৰাগা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা গোট যিয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে।

ভিডিঅ’টোত নৃত্যশিল্পীয়ে ভৰতনাট্যম নৃত্য প্ৰদৰ্শন কৰিছিল। ভিডিঅ’টোৰ বৰ্ণনাত দেখা গৈছে যে নৃত্যৰ নাম ভাহানা আলাৰিপ আৰু নৃত্যশিল্পীৰ নাম ছফিয়া ছালিংগাৰছ আৰু ইছা পাৰুপুডী

ইণ্ডিয়ান ৰাগাৰ ইনষ্টাগ্ৰাম একাউণ্টতো একেটা ভিডিঅ’ আছে ৷ ইয়াত নৃত্যশিল্পীসকলৰ নাম আৰু তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক আছে।

ইণ্ডিয়ান ৰাগাৰ ৱেবছাইটত প্ৰদান কৰা তথ্য অনুসৰি, “আমি ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যক একবিংশ শতিকালৈ অনাৰ লক্ষ্য ৰাখিছোঁ, শিল্পক যিকোনো ব্যক্তিৰ বাবে, যিকোনো ঠাইতে সুলভ কৰি তুলি। আমাৰ অনলাইন ভাৰতীয় শাস্ত্ৰীয় গায়ন-বায়নৰ ক্লাছ আৰু অনলাইন ভাৰতনাট্যম আৰু কথক ক্লাছসমূহ উদ্যোগটোৰ মাষ্টাৰসকলৰ পৰা দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আকৰ্ষণীয় কৰি সজোৱা হৈছে। আমি সংগীত আৰু নৃত্যৰ প্ৰতি এক সামগ্ৰিক দৃষ্টিভংগী আগবঢ়াইছো, শাস্ত্ৰীয় আৰু সমসাময়িক দুয়োটা শৈলীতে। আমি উচ্চাকাংক্ষী শিল্পীসকলক তেওঁলোকৰ প্ৰতিভা অন্বেষণ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰোঁ, উপস্থাপন আৰু পৰিবেশন, ডিজিটেল চেনেলৰ বাবে উচ্চমানৰ অডিঅ' আৰু ভিডিঅ' প্ৰডাকচনত মনোনিৱেশ কৰাৰ সুযোগ প্ৰদান কৰোঁ, আৰু সহযোগী শিল্পীসকলৰ সৈতে কেনেকৈ সহযোগিতা কৰিব লাগে শিকিব পাৰে। আমি আমাৰ কাৰ্যসূচীসমূহ এনেদৰে সজাই তুলিছোঁ যাতে আপোনালোকে বিশ্বৰ যিকোনো ঠাইৰ পৰা কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে"।

মানুহৰ দৰে দেখা ৰবট ক’ৰবাত নিৰ্মাণ কৰা হৈছে বা এনেকৈ নাচিছে বুলি এতিয়ালৈকে কোনো খবৰ পোৱা নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত ৰবট নহয়, ছফিয়া ছালিংগাৰছ আৰু ঈশা পাৰুপুডী নামৰ দুগৰাকী নৃত্যশিল্পীয়ে ভৰতনাট্যম প্ৰদৰ্শন কৰা দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভিডিঅ'টোত সঁচাকৈয়ে ৰবটে নৃত্য প্ৰদৰ্শন কৰিছে নেকি?

Written By: Debanjana Baishya

Result: False