
দুজন আৰক্ষীয়ে মদ খাই আনন্দ কৰি থকা সময়ৰ এটা ১৯ চেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰিছে।
দুজন আৰক্ষীৰ লোকে কৰ্তব্যত নিয়োজিত হৈ থকা সময়তে মদ খাই থকা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল কৰা হৈছে যে এই ঘটনাটো অতি শেহতীয়া আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যকালৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। ভাইৰেল ভিডিঅ’টোত কেপছনটো এনেকৈ লিখা হৈছেঃ
“উত্তৰপ্ৰদেশত ৰাইজে যোগীৰ গোন্ডাতকৈ খাকী কাপোৰ পিন্ধা সকলক বেছি ভয় কৰা হৈছে,, দিন দুপৰতে এই কান্ড,, জংগলৰাজ জিন্দাবাদ, ভাৰত মাতা কি জয়,,”

Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো মিছা আৰু ঘটনাটো যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কেইদিনমান পূৰ্বৰ।
সত্যতা নিৰূপন পদ্ধতি
সৰ্ব প্ৰথমে আমি InVID ভেৰিফিকেছন টুল ব্যৱহাৰ কৰি ভাইৰেল হোৱা ভিডিঅ’টো কেইবাটিও কী-ফ্ৰেমত ভাগ কৰি ললো আৰু গম পালো যে ভিডিঅ’টো সচা। লগতে গম পালো যে ভিডিঅ’টো উত্তৰ প্ৰদেশৰে হয়।
কিন্তু ঘটনাটো যোগী আদিত্যনাথৰ কাৰ্যকালৰ সময়ৰ নহয়। এইটো আদিত্যনাথে শপতগ্ৰহন কৰাৰ এটা সপ্তাহ আগৰ হে। ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত আমি কেইবাটাও বাতৰি পঢ়িবলৈ পালো। Link to DailyHunt report
বাতৰিসমুহত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে এই ঘটনাটো ২০১৭চনৰ ১৩ মাৰ্চত হোলিৰ দিনটোত উত্তৰ প্ৰদেশৰ শ্বামলী জিলাৰ আদৰ্শ আৰক্ষী থানাৰ অধিনৰ তিতউলী আৰক্ষী চকীত সংঘটিত হৈছিল।
উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শপত গ্ৰহন কৰিছিল ২০১৭চনৰ ১৯মাৰ্চত । কিন্তু ঘটনাটো ৰেকৰ্ড কৰা হৈছিল ২০১৭চনৰ ১৩মাৰ্চত। Link to Business Standard Article
ফলাফল
বাতৰিসমুহত উল্লেখ কৰা হৈছে যে ভিডিঅ’টো ২০১৭ৰ ১৩মাৰ্চত ৰেকৰ্ড কৰা হৈছিল, যিটো যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰাৰ এটা সপ্তাহ পূৰ্বে হয় । ই প্ৰমান কৰে যে দাবীটো ভূৱা আৰু সম্পূৰ্ণৰূপে ভিত্তিহীন।

Title:আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি থকা ভিডিঅ’টো আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ নহয়
Fact Check By: Manjori BorkotokyResult: False
