
ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ ৮ ডিচেম্বৰত মৃত্যু হয় । ভাৰতীয় বায়ু সেনাই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে।
২০২১ চনৰ ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে কিছুমান ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ঘটনাটোৰ প্ৰকৃত ফুটেজ হিচাপে পুৰণি আৰু অসম্পৰ্কিত ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰা আৰম্ভ কৰে ।
কুনুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভিডিঅ’ বুলি ছ’চিয়েল মিডিয়াত এন ধৰণৰ এক ভিডিঅ’ প্ৰচাৰ হৈছে আৰু অসমত ভাইৰেল হৈ পৰিছে । এনে ধৰণৰ এক ফেচবুক পোষ্ট ইয়াত দেখা গৈছে ।

ভিডিঅ’টোত দেখা গৈছে যে এখন হেলিকপ্টাৰে এখন পথাৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছে আৰু শেষত দুৰ্ঘটনাগ্ৰস্ত হৈছে।
এই বিষয়ে সত্যতা নিৰূপণ কৰিবলৈ আমি সেইবাবে এক অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । অনুসন্ধানত প্ৰকাশ পাইছিল যে ভাইৰেল ভিডিঅ’টো প্ৰকৃততে অৰুণাচল প্ৰদেশত শেহতীয়াকৈ সংঘঠিত হোৱা এক আইএএফ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভিডিঅ’ হয় ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ইনভিড উই ভেৰিফাই টুলৰ সহায়ত ভিডিঅ’টো কিছু কীফ্ৰেমছত ভাগ কৰিছিলোঁ আৰু আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো । কীফ্ৰেমছবোৰ ব্যৱহাৰ কৰি আমি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো।
ফলাফলবোৰে আমাক ২০২১ চনৰ ১৯ নৱেম্বৰত হিন্দুস্তান টাইমছৰ ইউটিউব চেনেলৰ দ্বাৰা প্ৰকাশিত এক ভিডিঅ’লৈ লৈ গৈছিল। শিৰোনাম অনুসৰি, ভিডিঅ’টোত অৰুণাচল প্ৰদেশত আইএএফৰ এমআই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা গৈছে।
প্ৰতিবেদন অনুসৰি, দুজন পাইলট আৰু তিনিজন ক্ৰুমেম্বাৰৰ সৈতে এমআই-১৭ হেলিকপ্টাৰখন অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু স্থানীয় লোকে এই মুহূৰ্তটো বন্দী কৰে। বিমানত থকা সকলো ক্ৰু মেম্বাৰ সুৰক্ষিত বুলি জনা গৈছিল। হেলিকপ্টাৰখন ৰক্ষণাবেক্ষণৰ চৰ্টিত আছিল যেতিয়া ই লোহিত খণ্ডত বলপূৰ্বক অৱতৰণ কৰিব লগা হৈছিল। প্ৰতিবেদন অনুসৰি, কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল।
এএনআই ২০২১ চনৰ ১৮ নৱেম্বৰত টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে ভিডিঅ’টোত দেখা গৈছে যে ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পূব অৰুণাচল প্ৰদেশৰ এটা হেলিপেডৰ ওচৰত অৱতৰণ কৰিছে।
ঘটনাটো অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত হৈছিল। হেলিকপ্টাৰে ভাৰতীয় সেনাৰ বাবে হায়ুলিয়াঙৰ পৰা ৰোচামলৈ ৰেচন চৰ্টি কৰি আছিল।

ফলাফল
ফেক্ট ক্ৰেচেণ্ডোৱে ভাইৰেল ভিডিঅ’টো মিছা দাবীৰে সৈতে শ্বেয়াৰ কৰা হৈছে বুলি ঠাৱৰ কৰিছিল। ভিডিঅ’টো ২০২১ চনৰ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ এটা হেলিপেডৰ ওচৰত এখন আইএএফৰ এমআই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ৰ হয় । ভিডিঅ’টোৰ চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই ।

Title:চিডিএছ জেনেৰেল ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে এই ভিডিঅ’ৰ কোনো সম্পৰ্ক নাই!
Fact Check By: Manjori BorkotokyResult: False
