মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

জাপানৰ পুৰণি ভিডিঅ’ বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading

চীন দেশৰ গৌৱাংগঙৰ বানপানীৰ দৃশ্য অসমৰ ডিব্ৰুগড়ৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা ঘৰৰ সমুখভাগত থকা এখন তোৰণ ক্ৰমাগতভাৱে বানপানীৰ কবলত পৰি ডুবি গৈছে। এই টাইমলেপছ ভিডিঅ’টো অসমৰ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে। আনকি আমাৰ ফেক্টলাইন নম্বৰ 9049053770 লৈয়ো একেধৰণে ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ  দৃশ্য নেকি জানিব […]

Continue Reading

ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading

এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]

Continue Reading

এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ’টো অসমৰ নহয়

অলপতে চ’চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া  বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ’টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook Link | Archived Link ভিডিঅ’টোৰ কমেণ্ট অংশত এই […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading

বানপানীত উটি যোৱা দলংৰ ভাইৰেল ভিডিঅ’টো অসমৰ নহয়!

অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি […]

Continue Reading