ৰেইনল্ডছে তেওঁলোকৰ Reynolds 045 FINE CARBURE কলম বন্ধ কৰা নাই। এয়া উৰা বাতৰি। 

৭ চেপ্তেম্বৰ ২০২৩ বৃহস্পতিবাৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত এগৰাকী ব্যৱহাৰকাৰীয়ে যোগাযোগ কৰি এই তথ্যৰ সত্যতা জানিব বিচাৰলে যে Reynolds 045 FINE CARBURE কলম বন্ধটো এতিয়াৰ পৰা বন্ধ হৈ যাব নেকি।  Archived Link আমাৰ ফেক্টলাইন নম্বৰত সেই আবেদন লাভ কৰি আমি এই সম্পৰ্কে চ’ছিয়েল মিডিয়াত কোনো ধৰণৰ পোষ্ট বা দাবী আছে নেকি বিচাৰি চালোঁ। তেতিয়া আমি […]

Continue Reading

ভাৰতবিৰোধী শ্লোগান শুনি গৌতম গম্ভীৰে দেখুৱাইছিল নেকি অশ্লীল ইংগিত? জানক সত্যতা।  

শেহতীয়াভাৱে সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে দৰ্শকক উদ্দেশ্যি অশ্লীল ইংগিত দিয়া এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বহুতেও সেই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।  আমি কিছুমান ফেচবুক ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰৰ সেই ইংগিতৰ ভিডিঅ’ আপলোড কৰা দেখিলোঁ। Facebook Link আন এজন ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰ সম্পৰ্কত এই সম্পৰ্কে লিখি ভিডিঅটো আপলোড কৰিছে। লিখিছে- গৌতম গম্ভীৰৰ এই […]

Continue Reading

বাঘে চুলাই খোৱা কথাটো সঁচা নে মিছা? জানক সত্যতা।  

বাঘে চুলাই খাই ঢলং পলং কৰি মানুহৰ সৈতে খোজ কঢ়া বুলি এটা বিশেষ ভিডিঅ’ অসমৰ চ’ছিয়েল মিডিয়া, বিশেষকৈ ফেচবুক আৰু হোৱাটছএপত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। যোৱা দুই তিনিদিন ধৰি বিভিন্ন লোকে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে বাঘটোৱে চুলাই মদ খাইছিল। খাদ্যৰ সন্ধানত ওলাই আহি পেটৰ ভোকত চুলাই মদ খাই এইদৰে […]

Continue Reading

চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ.সোমনাথে নৃত্য কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ।

চন্দ্ৰযান ৩এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন ধৰণৰ ভুৱা তথ্য, মিছা ভিডিঅ’, ফটো আদি চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত বিয়পি পৰা আমি দেখিছোঁ আৰু সেইসমূহৰ সত্যতা নিৰূপনো আমি কৰিছোঁ। তেনেকুৱা এটা ভিডিঅ’ ফেচবুকৰ ৰীলছৰ ৰূপত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে তেওঁৰ সহকৰ্মীসকলৰ সৈতে আনন্দতে নৃত্য কৰা […]

Continue Reading

দুৰ্গা পূজা, দীপাৱলী, ৰাখী বন্ধন, ষঠ পূজা আদিৰ বন্ধ সঁচাকৈয়ে কৰ্তন কৰিলে নেকি শিক্ষা বিভাগে? 

যোৱা ৩০ আগষ্ট ২০২৩ বুধবাৰে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান TIME8 এ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম লিখা হৈছে- “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।” তদুপৰি বৰ্ণনাত লিখা হৈছে – “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ, ষঠ পূজাতো খোলা ৰাখিব লাগিব স্কুল, গৰজি […]

Continue Reading