মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?    

শেহতীয়াভাৱে মণিপুৰত সংঘটিত জঘন্য, বৰ্ৰব নাৰী নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে ইয়াক লৈ ধিক্কাৰ ধ্বনি শুনা গৈছে। সৰ্বত্ৰ কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য ভুলে শুদ্ধই বিয়পাই দিয়া দেখা গৈছে। একেবাৰে শেহতীয়াভাৱে ঘটনাটোৰ মূল দোষীজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছত দোষীৰ নাম আৰু ধৰ্মক লৈয়ো বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ […]

Continue Reading

এই ভিডিঅ’টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই। ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব […]

Continue Reading

শাৰী,মংগলসূত্ৰ পিন্ধা এইসকল মহিলা চন্দ্ৰযান-৩ৰ বিজ্ঞানী হয়নে? সত্যটো কি?

শেহতীয়াকৈ ইছৰ’ই চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিলে। ইয়াৰ বাবেই সমগ্ৰ দেশত এক সুখৰ পৰিবেশ বিৰাজ কৰিছে। এই বিষয়ে বহু ভিডিঅ’ আৰু ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। পোষ্টটোত এখন ছবি সংলগ্ন কৰা হৈছে। সেই ছবিখনত কেইগৰাকীমান মহিলা আৰু পুৰুষে উদযাপন কৰা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি […]

Continue Reading

অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?    

শেহতীয়াভাৱে চন্দ্ৰযান-৩এ উৎক্ষেপনৰ পৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত এটা ডাঙৰ তামৰঙী চিলিণ্ডাৰৰ দেখা গৈছে, যিটো অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে। এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “এইখন জুলাই মাহত ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ মহাকাশযানৰ এটা খণ্ড।” অসমৰ একাধিক ফেচবুক পেজৰ পৰা এই […]

Continue Reading

এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচ‌এপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ –  “উচ্চ সতৰ্কবাণী: সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু […]

Continue Reading

সামৰিক পোছাক পিন্ধা মহিলাগৰাকী সীমা হাইদৰ হয়নে?

পাকিস্তানৰ পৰা নেপাল হৈ আহি ভাৰতত প্ৰবেশ কৰা সীমা হাইদৰৰ কাহিনী বৰ্তমান বহুল ভাবে চৰ্চিত। এই সম্পৰ্কে বহু ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ সীমা হাইদৰ বুলি পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰা এগৰাকী মহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইউনিফৰ্ম পৰিহিত মহিলাগৰাকী সীমা হাইদৰ বুলি দাবী কৰা হৈছে। কোৱা হৈছে যে তেওঁ […]

Continue Reading

মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ […]

Continue Reading

পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , ‘পিতৃৰ সৈতে কন্যাৰ বিবাহ’ […]

Continue Reading

এই ভিডিঅ’টো হিমাচল প্ৰদেশৰ শেহতীয়া ভূমিস্খলনৰ নহয়।

হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ বিধ্বংস। বানপানী আৰু বৰষুণৰ ফলত সকলোতে দেখা গৈছে ধ্বংসলীলাৰ দৃশ্য। শেহতীয়া আপডেট অনুসৰি হিমাচল প্ৰদেশত বৰষুণৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ১৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা কেদাৰনাথ দুৰ্যোগৰ অৱস্থাৰ দৰেই এই অৱস্থা। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ […]

Continue Reading

এই ভিডিঅ’টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়।

২৭ জুনত নাহেল নামৰ এজন ১৭ বছৰীয়া ফৰাচী-আলজেৰিয়ান যুৱকক এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিছিল। কোৱা হৈছে যে তেওঁ কৰ্তৃপক্ষক সহযোগ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বাবেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ফ্ৰান্সত হিংসা আৰম্ভ হয়। এই ঘটনাৰ পিছত ইণ্টাৰনেটত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা […]

Continue Reading