কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading

মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা […]

Continue Reading