কৌন বনেগা কৰোড়পতিত হিমন্ত বিশ্ব শৰ্মাক দেশৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আখ্যা দিয়া বুলি কৰা দাবীটো অসত্য। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে চোনি টিভিৰ বিখ্যাত অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ এটা খণ্ডত অংশগ্ৰহণকাৰীক অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰি চাৰিটা সাম্ভাব্য উত্তৰৰ সুবিধা দিছিল আৰু অংশগ্ৰহণকাৰীয়ে শুদ্ধ উত্তৰ হিচাপে অপছন (বি)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি […]

Continue Reading

FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!

অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা এনে ধৰণেই পলাইছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । অসমৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা-মন্ত্ৰীয়েও ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগাত পৰিছে । স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালেও প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হৈছে ।  ইয়াৰ মাজতেই ছচিয়েল […]

Continue Reading

এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!

শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছে যে ১ জানুৱাৰী, ২০২১ তাৰিখে কাৰ্যকৰী হোৱাকৈ যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব । এই নিউজটো ৰিপৰ্ট কৰিবলৈ গৈ, ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিৰ (NDTV) এগৰাকী এংকৰে ক’লে যে অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬ টাকৈ সন্তান আছে । সংৰক্ষিত ভিডিঅ’ চাওঁক ইয়াত উপৰোক্ত ভিডিঅ’টোত, […]

Continue Reading