মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।   

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো […]

Continue Reading

চীনত নিৰ্মিত বিষাক্ত ফটকা সম্পৰ্কে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে নেকি?

দীপাৱলী সমাগত। এনে সময়তে চ’চিয়েল মেডিয়াত এটা বিশেষ বাৰ্তা বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। বাৰ্তাটো এনেধৰণৰ – “চোৰাংচোৱা তথ্য অনুসৰি যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক  ভাৰতৰ ওপৰত  প্ৰতিশোধৰ দাবী জনাইছে।  ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি  বিশেষ ধৰণৰ বিষাক্ত ফটকা  সাজি উলিয়াইছে  ।   ইয়াৰ উপৰিও ভাৰতত […]

Continue Reading

এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।

বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে  টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]

Continue Reading

বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য’ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব’ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ […]

Continue Reading

এই ফটোখন চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিনৰ নহয়।

যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ দেশতে আনন্দ -উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে। চ’চিয়েল মেডিয়াতো ব্যৱহাৰকাৰীসকলে চন্দ্ৰযানৰ লগত জড়িত বিভিন্ন ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে। এনে সময়তে এখন বিশেষ ফটো শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- “চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন”। Facebook Link | Archived Link এই একেটা মেচেজ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও […]

Continue Reading

এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচ‌এপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ –  “উচ্চ সতৰ্কবাণী: সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু […]

Continue Reading

ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পুৰণি ভিডিঅ’ ৯ ডিচেম্বৰৰ ভিডিঅ’ বুলি ভাইৰেল

শেহতীয়াকৈ ভাৰতীয় সেনাই ঘোষণা কৰে যে যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি অনুসৰি পিপলছ লিবাৰেচন আৰ্মীৰ জোৱানে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পাৰ হৈ অহাৰ ফলত এই সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত উক্ত সংঘৰ্ষৰ ভিডিঅ’ বুলি দাবী কৰি বিভিন্ন পুৰণি ভিডিঅ’ মিছাকৈ […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

FACT CHECK: সম্পৰ্কহীন ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনৰ ফটো দিল্লীত অনুষ্ঠিত হোৱা বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাসমূহৰ বৈঠক বুলি ভাইৰেল

শেহতীয়াকৈ এখন বৈঠকৰ ফটো ছ’চিয়েল মিডিয়াত কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত দাবী কৰা হৈছে যে ভাৰতৰ ৰ’, ইজৰাইলৰ মোচাদ, আমেৰিকাৰ চিআইএ, ৰাছিয়াৰ কেজিবি আৰু ইংলেণ্ডৰ এমআই6 কে ধৰি ৫ খন দেশৰ চোৰাংচোৱা সংস্থাই শেহতীয়াকৈ দিল্লীত মিলিত হৈছে। ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যাৰ ফলত বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বাস কৰিছিল যে নতুন দিল্লীত […]

Continue Reading