চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ'টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে - "আৰবে বনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবক্ষ মূৰ্তি"।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰি নৰেন্দ্ৰ মোদীৰ সোণৰ মূৰ্তি সম্বন্ধীয় বহুকেইটা প্ৰতিবেদন পালোঁ।

এন ডি টি ভিৰ ২০২৩ চনৰ জানুৱাৰী মাহৰ ২০ তাৰিখৰ প্ৰতিবেদন অনুসৰি নৰেন্দ্ৰ মোদীৰ আবক্ষ মূৰ্তিটো গুজৰাটৰ চুৰাটৰ এগৰাকী সোণ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিছিল।

প্ৰতিবেদন অনুসৰি “গুজৰাটৰ চুৰাট চহৰৰ এজন সোণ ব্যৱসায়ীয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ বিজয়ৰ স্মৃতিত ১৮ কেৰেট সোণত ১৫৬ গ্ৰাম ওজনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰিছে"।

যোৱা বছৰৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ১৮২খন আসনৰ ভিতৰত ১৫৬খন আসন লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সোণৰ মূৰ্তিৰ ওজন ১৫৬ গ্ৰামত ৰখা হৈছিল বুলি গহনা নিৰ্মাণ প্ৰতিষ্ঠান ৰাধিকা চেইনছৰ স্বত্বাধিকাৰী বসন্ত বহৰাই কয়। এই আৱক্ষ মূৰ্তিটো জনসাধাৰণৰ মাজত তৎক্ষণাত হিট হৈ পৰিছে আৰু বহুতে ইয়াক ক্ৰয় কৰিবলৈ আগ্ৰহী যদিও ব্যৱসায়ীজনে এতিয়াও নিজৰ সৃষ্টি বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা নাই। প্ৰতিবেদনত আৰু কোৱা হৈছে যে “মই নৰেন্দ্ৰ মোডীৰ অনুৰাগী আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা হিচাপে কিবা এটা বনাব বিচাৰিছিলো। আমাৰ কাৰখানাত প্ৰায় ২০ জন শিল্পীয়ে এই আবক্ষ মূৰ্তিটো বনাবলৈ প্ৰায় তিনিমাহ সময় লাগিছিল। চূড়ান্ত ফলাফলত মই সন্তুষ্ট। এতিয়ালৈকে বিক্ৰীৰ বাবে নহয় বাবে কোনো মূল্য নাই'’-২০ বছৰ ধৰি চুৰাটত বাসিন্দা ৰাজস্থানৰ স্থানীয় বহৰাই এইদৰে কয়। ₹ ১১ লাখ টকাৰ সোণ ব্যৱহাৰ কৰি মূৰ্তিটো নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়।

ANI Newsএ প্ৰকাশ কৰা এটা ভিডিঅ' তলত চাব পাৰিব।

অধিক অনুসন্ধানত আমি ২০২৩ চনৰ ১১ জানুৱাৰীত এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা একেটা ভিডিঅ’ পাইছিলোঁ, য’ত লিখা আছিল “প্ৰত্যেকেই বিশিষ্ট ব্যক্তিত্বৰ মমৰ মূৰ্তি দেখিছে। এইটো মমৰ মূৰ্তি নহয় বৰঞ্চ বম্বে গোল্ড প্ৰদৰ্শনীত প্ৰদৰ্শিত সোণৰ মূৰ্তি। মোডী জীৰ জনপ্ৰিয়তা বুজিবলৈ যথেষ্ট”।

অধিক স্পষ্টীকৰণৰ বাবে আমাৰ গুজৰাটৰ প্ৰতিনিধিয়ে মূৰ্তিটো নিৰ্মাণ কৰা ৰাধিকা চেইনৰ মালিকৰ সৈতে কথা পাতে আৰু তেওঁ জনায়- “এই মূৰ্তিটো আমাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এতিয়া আমি বিক্ৰী কৰিছো। ইয়াক ভাৰতৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল। কেতিয়াও চৌদি আৰৱক বিক্ৰী কৰা নাই আৰু এইটো এটা ভুৱা দাবী।”

বহু সংবাদ মাধ্যমে মোডীৰ সোণৰ মূৰ্তিৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছে। কিন্তু চৌদি আৰৱত এই মূৰ্তি প্ৰদৰ্শিত হোৱাৰ কোনো তথ্য উল্লেখ নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই বৰং এইটো গুজৰাটৰ চুৰাটৰ এগৰাকী সোণ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

Written By: Debanjana Baishya

Result: False