দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে।

পোষ্টটোত লিখা আছে এইদৰে,"মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -'যি সকল হিন্দু আৰু শিখ পাকিস্তানত বসবাস কৰে তেওঁলোকে কিবা কাৰণ বশত যদি ভাৰতলৈ আহিব বিচাৰে তেন্তে ভাৰত চৰকাৰৰ এইটো প্ৰথম কৰ্তব্য যে তেওঁলোকৰ কৰ্ম সংস্থাপন আৰু জীৱনযাপনৰ ব্যৱস্হা কৰে।'

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল দাবীটোত থকা তাৰিখ অনুসৰি মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰত প্ৰাৰ্থনা সভাত দিয়া বক্তব্য সম্পৰ্কে তথ্য বিচাৰিলোঁ। তেতিয়া আমি 'গান্ধী হেৰিটেজ প'ৰ্টেল' নামৰ ৱেবছাইটত মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত দিয়া ভাষণসমূহৰ (১০/০৯/১৯৪৭ ৰ পৰা ৩০/০১/১৯৪৮ লৈ) এক সংকলন পালোঁ। সংকলনটোৰ নাম দিল্লী ডায়েৰী (Delhi Diary)। তাত ৩৭ নং পৃষ্ঠাৰপৰা ৪০ নং পৃষ্ঠালৈকে মহাত্মা গান্ধীয়ে ২৬ চেপ্তেম্বৰ ১৯৪৭ ত প্ৰাৰ্থনা সভাত দিয়া ভাষণৰ লিখিত ৰূপ আমি পালোঁ। সেই ভাষণত তেওঁ আচলতে দেশ বিভাজনৰ পিছত দুয়োখন দেশৰ সংখ্যালঘুসকলক কৰা ব্যৱহাৰৰ বিষয়ে কৈছিল। সেই ভাষণত তেওঁ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কথা কেইবাবাৰো উল্লেখ কৰিছিল। ভাৰত চৰকাৰৰ ভূমিকা সম্পৰ্কত তেওঁ কৈছিল যে হিন্দু আৰু শিখসকলৰ বাবে ন্যায় ব্যৱস্থা সুৰক্ষিত কৰাটো ভাৰত চৰকাৰৰ কৰ্তব্য।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এই সম্পৰ্কে আৰু তথ্য বিচাৰি আমি গুগলত মহাত্মা গান্ধীৰ মূল ভাষণটো বিচাৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া ইণ্টাৰনেট আৰ্কাইভত মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত দিয়া ভাষণৰ অডিঅ' আমি পালোঁ। ২৬ চেপ্তেম্বৰ ১৯৪৭ ত মহাত্মা গান্ধীয়ে হিন্দু, শিখ আৰু মুছলমান শৰণাৰ্থীৰ বিষয়ে এইদৰে কৈছিল,"পাকিস্তানত হিন্দু আৰু ভাৰতৰ মুছলমানক পঞ্চম স্তম্ভলেখক হিচাপে, বিশ্বাসৰ অযোগ্য বুলি চোৱাটোৱে কাম নকৰে। পাকিস্তানত থাকি যদি তেওঁলোকে পাকিস্তানৰ প্ৰতি অবিশ্বাসী হয় তেন্তে আমি কেৱল এটা পক্ষৰ হৈ মাত মাতিব নোৱাৰো। ইয়াত বসবাস কৰা মুছলমানসকলক যদি আমি Fifth Columnist হিচাপে চাওঁ তেন্তে পাকিস্তানত বসবাস কৰা হিন্দু আৰু শিখসকলকো Fifth Columnist বুলি গণ্য কৰা হ’বনে? ইয়াৰ দ্বাৰা কাম নহ’ব। তাত বসবাস কৰা, যিসকলে আৰু তাত থাকিব নিবিচাৰে, তেওঁলোকক ইয়ালৈ আহিবলৈ আদৰণি জনোৱা হৈছে। তেওঁলোকক চাকৰি দিয়া, তেওঁলোকৰ আৰামৰ যত্ন লোৱাটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্য হৈ পৰে। কিন্তু সেয়া নিশ্চয় হ’ব নোৱাৰে যে তেওঁলোক তাত থাকিব আৰু সৰু সৰু চোৰাংচোৱা হৈ থাকিব, পাকিস্তানৰ বাবে নহয়, আমাৰ বাবে কাম কৰে। এইটো কেতিয়াও নহ’ব, আৰু মই ইয়াৰ পক্ষত নহ’ম।”

এই বক্তব্যৰ পৰা স্পষ্ট হয় যে মহাত্মা গান্ধীয়ে পাকিস্তানৰ সংখ্যালঘু হিন্দুসকলক আৰু ভাৰতৰ সংখ্যালঘু মুছলমানসকলক সন্দেহৰ দৃষ্টিৰে চোৱা কথাটোৰ বিৰোধিতা কৰিছিল।

২৫ চেপ্তেম্বৰ ১৯৪৭ ৰ প্ৰাৰ্থনা সভাৰ বক্তব্যত তেওঁ কৈছিল যে পাকিস্তানত হিন্দু আৰু শিখসকলৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰক ভাৰত চৰকাৰে আওকাণ কৰিব লাগে বুলি তেওঁ প্ৰস্তাৱ দিয়া নাই। চৰকাৰে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো বাধ্যতামূলক আছিল। কিন্তু তেওঁৰ উত্তৰত নিশ্চিতভাৱে ভাৰতীয় কৰ্তৃপক্ষক মুছলমানক খেদি পঠিয়াবলৈ আৰু পাকিস্তানৰ পদ্ধতি নকল কৰিবলৈ কোৱা নাছিল।

২৫ চেপ্তেম্বৰ ১৯৪৭ৰ ভাষণটো ইয়াত শুনিব পাৰিব।

ইয়াৰপৰা আমি ক'ব পাৰোঁ যে মহাত্মা গান্ধীৰ ভাষণৰ ভুল ব্যাখ্যা কৰা হৈছে।

এই সম্পৰ্কে আন আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

Written By: Fact Crescendo Team

Result: Missing Context