অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) দুটা বিশেষ ধৰণৰ চৰাইৰ এটা ভিডিঅ' ফ'ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ'টোত থকা চৰাই দুটাৰ মূৰত টুপী সদৃশ গঠন এটা আছিল আৰু চৰাই দুটাৰ গা আৰু পাখিত অলংকাৰৰ নিচিনা কিছুমান বস্তু আছিল। ভিডিঅ'টো আমালৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল এই চৰাইৰ নাম।

Archived Link.

এই একেটা ভিডিঅ' ফেচবুকতো আমি পালোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "#কি ধুনীয়া পাখি #কোনোবাই নামটো জানিলে কবছোন#"

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া G-Dictionary নামৰ এটা ইউটিউব চেনেলত যোৱা ১ চেপ্তেম্বৰত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোত আমি কেইবাটাও আশ্চৰ্যকৰ চৰাই দেখিবলৈ পালোঁ। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে, "Jewelry bird | Top notch AI technology | 4k ultra | 9:16 | Natural song", যাৰদ্বাৰা বুজিব পাৰি যে ভিডিঅ'টোত থকা চৰাইবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। এই ভিডিঅ'টোৰ ৪:০২ টাইমষ্টেম্পত আমি ভাইৰেল দৃশ্যাংশটো দেখিলোঁ।

Archived Link

এই ভিডিঅ'টোৰ বিৱৰণত লিখা আছিল এইদৰে, "These are jewelry birds created using AI technology. The combination of sound and vivid colors gives you a dazzling look. If you found the video useful. Please support the channel by liking, subscribing to the channel and sharing this video with your friends! THANKS YOU SO MUCH!!!", অৰ্থাৎ এই ভিডিঅ'টোৰ চৰাইসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) সৃষ্টি কৰা হৈছে বুলি বিৱৰণত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।


অধিক নিশ্চিত হ'বলৈ আমি হাইভ এ আই ডিটেক্টৰ (Hive AI detector) ব্যৱহাৰ কৰিলোঁ ভাইৰেল ভিডিঅ'টো কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট হয়নে নহয় জানিবলৈ। এই টুল (tool) অনুসৰি ভিডিঅ'টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সম্ভাৱনা ৯৭%।


গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ'টোত দেখুওৱা চৰাইকেইটা সঁচা চৰাই নহয় বৰং কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা হৈছে।


যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim Review :   পাখিত অলংকাৰ সদৃশ বস্তু থকা চৰাইকেইটা সঁচাসঁচি চৰাই।
Claimed By :  Social Media User