
শেহতীয়াকৈ অসমত ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে সেই দুখন কাকতৰ পৰীক্ষাৰ দিন শিক্ষা বিভাগৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পুনৰ নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি আন এখন কাকত ফাদিল হোৱা বুলি দুদিন পূৰ্বে ভূৱা খবৰো ভাইৰেল ৰৈ পৰিছিল। এই সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো কাকত ফাদিল হোৱা, সকলো পৰীক্ষা বাতিল কৰি শিক্ষাৰ্থীসকক পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত পাছ কৰি দিয়া আদি বিভিন্ন মিছা খবৰ স্ক্ৰিণশ্বটসহ ভাইৰেল পৰা দেখা গৈছে। অতি শেহতীয়াকৈ এটা টুইটৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে, যিটো টুইট অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰা হৈছে আৰু কোৱা হৈছে যে ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আদি কেলেংকাৰীৰ পৰিপ্ৰেক্ষিটত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিল কৰা হৈছে আৰু শিক্ষাৰ্থীসকলৰ মেট্ৰিকৰ ফলাফলৰ ভিত্তিত তেওঁলোকক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰা হ’ব।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে শ্বেয়াৰচেটত ভাইৰেল হোৱা সেই স্ক্ৰিণশ্বটটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাত আমি কেইবাটিও বানান ভুল হৈ থকা দেখা পালোঁ। লগতে ব্যকৰণৰ খেলিমেলিও আমাৰ চকুত পৰিল। কেৱল ইমানেই নহয়, আনকি মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ হেণ্ডেলৰ প্ৰোফাইল ফটোখনো এইটো টুইটত ওলোটাই দিয়াও দেখা পালোঁ। স্ক্ৰিণশ্বটটো ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰি চাই আমি তেনেকুৱা কোনো ধৰণৰ ঘোষণাৰ বাতৰিৰ লিংক আদি লাভ নকৰিলোঁ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবচাইট তথা গুগলতো আমি এই বিষয়ত কী-ৱৰ্ড ছাৰ্চ কৰি তেনেকুৱা কোনো ধৰণৰ ঘোষণাৰ বাতৰি লাভ নকৰিবলোঁ। আমি এই কথাটো সম্পৰ্কত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ সৈতে যোগাযোগ কৰিলোঁ। তেখেতে এই কথা নিশ্চিত কৰিলে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলৰ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহন কৰা হোৱা নাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে সংসদৰ দ্বাৰা আয়োজিত হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ কোনোধৰণৰ সম্পৰ্ক নাই। তেওঁ আনকি আমাক ইয়াকো জানিবলৈ দিয়ে যে এইধৰণৰ ভূৱা খবৰ প্ৰচাৰ হোৱা কথাটো তেওঁৱো গম পাইছে আৰু সেইবিষয়ে তদন্তৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙৰ সৈতে কথাও পাতিছে। ইতিমধ্যেই অসমৰ আৰক্ষীয়ে এই বিষয়ে তদন্ত আৰম্ভ কৰা বুলিও আমি পংকজ বৰঠাকুৰৰ মুখে জানিবলৈ সক্ষম হ’লোঁ। তেওঁ কয়, “ অসমত বৰ্তমান এটা দুষ্ট চক্ৰই এইধৰণে মিছা খবৰ প্ৰচাৰত লাগি গৈছে। যিটোৱে ছাত্ৰ-ছাত্ৰী ক্ষতি কৰিছে। সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিছে। সেই চক্ৰটো ইমানেই সাহসী হৈ পৰিছে যে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ টুইটো নকৰ কৰি প্ৰচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।” অতি শীঘ্ৰেই এই দোষত দোষী ব্যক্তি আটক বুলি তেওঁ আশাবাদী বুলি কৈ সকলো পক্ষকে এইক্ষেত্ৰত সজাগ থাকি কোনো ধৰণৰ মিছা খবৰ প্ৰচাৰ হৈ পৰাত বাধা দিবলৈ আহ্বান কৰে।
তদুপৰি আমি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ হেণ্ডেলটো পৰীক্ষা কৰি চাইছিলোঁ। ভাইৰেল হৈ পৰা টুইটটো ১৯ মাৰ্চ ২০২৩ত সন্ধিয়া ৬ বাজি ২৪ মিনিটত কৰা দেখুওৱা হৈছিল। কিন্তু আমি মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ হেণ্ডেলত ১৯মাৰ্চ,২০২৩ত তেনেকুৱা কোনোধৰণৰ টুইট দেখা নাপালোঁ। সেই দিনটোত তেওঁ যিকেইটা টুইট কৰিছে তাৰে সৰহকেইটাই হৈছে ৰাজ্যপাল গুলাব সিং কাটাৰিয়াৰ সৈতে দিল্লীৰ একাধিক অনুষ্ঠানত উপস্থিত থকা সময়ৰ খবৰ জনাই কৰা টুইট, য’ত তেওঁ ফটো আৰু ভিডিঅ’ সংলগ্ন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ হেণ্ডেলটো ইয়াত পৰীক্ষা কৰিব পাৰে।
তাৰে এটা টুইট ইয়াত দিয়া হৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে চলিত বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হোৱা নাই আৰু শিক্ষাৰ্থীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণও কৰা হোৱা নাই। পৰীক্ষা বাতিল কৰি শিক্ষাৰ্থীসকলক উন্নিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ টুইটটো ভূৱা। কোনোবাই এইটো এডিট কৰি বনাই লৈছে আৰু ভাইৰেল কৰিছে। আচলতে এই খবৰটো মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সঁচাকৈয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে নেকি?
Fact Check By: Pranjal SharmaResult: False
