‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

Economy False

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। 

এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” বুলি লিখা আছে । 

উক্ত পোষ্টটোত এই কেপচন দেখা গৈছে: “গৌতম আদানীক ১২৭৭০ কোটি টকাৰ ঋণ ৰেহাই। ইফালে দৰিদ্ৰ ৰাইজে বেংকৰ একাউন্টত নূন্যতম ১০০০ টকা জমা নাৰাখিলেও টকা কাটি কাটি শেষ কৰে, অন্যহাতে মধ্যবিত্তই প্ৰতিবাৰেই টকা জমা ৰাখিলেও বা উলিয়াই আনিলেও টকা কাটে। এয়াই পুঁজিপতিৰ চৰকাৰ, চৰকাৰৰ কৃপাত গৌতম আদানী ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ী আৰু ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা।”

এনে ধৰণৰ আন কিছুমান পোষ্ট ইয়াত আছে:

Facebook Post | Archived Post

Facebook Post | Archived Post

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি ঠাৱৰ কৰিছে । ‘এছবিআই’য়ে তেনে কোনো ঋণ ৰেহাই দিয়া নাই। ইয়াত আমাৰ অনুসন্ধানৰ বিৱৰণ দিয়া হৈছে…

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি অনলাইন বিচাৰি চালো যে এনে কোনো বাতৰি প্ৰকাশ হৈছে নেকি। কিন্তু আদানী গ্ৰুপক বেংকৰ ঋণ ৰেহাই দিয়া হৈছে বুলি আমি কোনো খবৰ বিচাৰি নাপালোঁ ।

কীৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰোঁতে, আমি আগশাৰীৰ বিত্তীয় আৰু অৰ্থনৈতিক সংবাদ মাধ্যমৰ কিছু প্ৰৱন্ধ পাইছিলো য’ত লিখা হৈছে যে এছবিআইয়ে আদানী গ্ৰূপক মুম্বাই বিমানবন্দৰৰ বাবে ১২,৭৭০ কোটি টকাৰ ‘আণ্ডাৰ ৰাইটিং’ প্ৰদান কৰিছে । ইয়াত এনে এটা প্ৰবন্ধ আছে:

Screenshot, Hindu Business Line

Business Line link

যেতিয়া আমি ওপৰোক্ত তথ্যৰ ওপৰত আধাৰিত কৰি অনুসন্ধান অব্যাহত ৰাখিছিলো, আমি আদানী গ্ৰুপে জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তিও পাইছিলো।

শিৰোনামটোত কোৱা হৈছে “আদানী গ্ৰুপে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰকল্পৰ বিত্তীয় সমাপ্তি প্ৰাপ্ত কৰে”। আদানী গ্ৰুপৰ বাৰ্তাটোত কোনো ঠাইতে ৰাইট-অফ বুলি কোৱা হোৱা নাছিল, যি সূচায় যে ঋণ এটা ৰেহাই দিয়া হৈছে ।

বিবৃতিটোত কোৱা হৈছে, “এছবিআই’য়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰাইভেট লিমিটেডক ১২,৭৭০ কোটি টকাত আণ্ডাৰৰাইটিং প্ৰদান কৰিছে। আদানী গ্ৰুপে বিমান ভ্ৰমণকাৰীসকলক আন্তৰ্জাতিক আন্তঃগাঁথনি আৰু সেৱা প্ৰদান কৰিব বিচাৰে। এই সাফল্যৰ জৰিয়তে, আদানী গোটে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় সম্পদ সম্পূৰ্ণ ৰূপে আহৰণ কৰিবলৈ সক্ষম হ’ব।” 

Screenshot, Adani Enterprises website

Adani Enterprises Link | Archived Link

যেতিয়া আমি আণ্ডাৰৰাইটিং কি তাৰ বাবে গুগল অনুসন্ধান কৰিছিলো, আমি শিকিছিলো যে এইটো দায়বদ্ধতাৰ ভাষা যিটো আন এটা বিত্তীয় বা বীমা কোম্পানীয়ে এটা কোম্পানীক প্ৰদান কৰে । 

আমাৰ ফেক্ট ক্ৰেচেণ্ডো তামিলৰ এজন সহকৰ্মীয়ে অৰ্থনীতিৰ এজন অধ্যাপকৰ ওচৰলৈ গৈছিল যিয়ে ব্যাখ্যা কৰিছিল, “এইটো বেঙ্কে দিয়া এক গেৰাণ্টি। আদানী গ্ৰুপে হয়তো আন এটা কোম্পানীৰ পৰা ধাৰ লোৱাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে এটা গেৰাণ্টি বিচাৰিলেহেঁতেন। এছবিআই বেংকে মুম্বাই বিমানবন্দৰ প্ৰকল্পৰ বাবে ১২,৭৭০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ওপৰত আধাৰিত কৰি তেওঁলোকে (আদানী গ্ৰুপে) ধাৰ ল’ব।” 

আদানি গ্ৰুপে বিবৃতিটোত কোৱা নাছিল যে ই ক’ৰ পৰা ধাৰ ল’বলৈ গৈ আছিল। যদি ভৱিষ্যতে কোনো সমস্যা হয়, ঋণ দাতা কোম্পানীয়ে এছবিআই বেঙ্কক সুধিব যে আদানি গ্ৰুপে ঋণ পৰিশোধ কৰিবলৈ অক্ষম নেকি। এনে পৰিস্থিতিত, এছবিআই’য়েহে সহায় কৰিব।

একেটা দাবী সমগ্ৰ ভাৰতৰ বিভিন্ন ভাষাত ভাইৰেল হৈ আছে। ফেক্ট ক্ৰেচেণ্ডো তামিলে একেটা দাবীৰ ওপৰত এটা তথ্য পৰীক্ষা কৰিছে: 

ফলাফল

প্ৰমাণ সমূহে নিশ্চিত কৰে যে ‘এছবিআই’য়ে আদানী গ্ৰুপে লোৱা ঋণ মাফ কৰা বুলি কৰা দাবী মিছা। মুম্বাই বিমান বন্দৰৰ বাবে ‘এছবিআই’য়ে দিয়া ঋণ গেৰাণ্টিক কিছুমানে ঋণ ৰেহাই বুলি ভুল কৰিছে যিসকলে আণ্ডাৰৰাইট আৰু ৰাইট-অফৰ মাজৰ পাৰ্থক্য নাজানে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *