
চোছিয়েল মিডিয়াত শেহতীয়াভাৱে কিছুমান পোষ্ট ভাইৰেল হৈছে যে ৰাহুল গান্ধীক ফোৰ্বছে বিশ্বৰ সপ্তম শিক্ষিত নেতা বুলি ঘোষণা কৰিছে।
তেনেকুৱা এটা পোষ্ট অৰুণ দাস নামৰ এজন লোকে চোছিয়েল মিডিয়া এণ্ড আইটি ডিপাৰ্টমেন্ট অৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পেজত আপলোড কৰিছে আৰু লিখিছে ফৰবচ মেগাজিনত উদৃতি দি কোৱা হৈছে যে বিশ্বৰ উচ্চতম শিক্ষিত নেতাৰ ভিতৰত ৭ম স্থানত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া। ভাৰতৰ বাবে এইটো গৌৰৱ।”

Original Post- Facebook | Archived Post
এই পোষ্টটো ১৫ অক্টোবৰত ৮.৩১ত বিয়লি পোষ্ট কৰা হৈছিল আৰু ৪বাৰ শ্বেয়াৰ হৈছে ।
ফেক্ট ক্ৰেছেণ্ডোৱে এই কথাৰ সত্যাসত্য পৰীক্ষা কৰি পালে যে এয়া অসত্য।
প্ৰণালী:
প্ৰথমতে আমি ফোৰ্বছৰ ৱেবচাইটত শিক্ষিত নেতাৰ তালিকাখন চাবলৈ চেষ্টা কৰিলো। তেনেকুৱা কোনো তালিকা নাছিল। আমি আনকি ফোৰ্বছ ইণ্ডিয়াৰ চোছিয়েল মিডিয়া একাউন্টছবোৰো চালো কিন্তু একো নাপালো।
গুগলত প্ৰাসংগিক শব্দ লৈ কৰা চাৰ্ছে বিভিন্ন শিক্ষিত নেতাৰ তালিকা বিভিন্ন ৱেবচাইটত দেখুৱালে।তেনেকুৱা এটা ৱেবচাইট U2Bত ২০২০চনৰ ১০ চেপ্তেম্বৰৰ এটা লেখা পালো।

Original Link- U2B | Archived Link
লেখাটোত বিশ্বৰ নেতাসকলৰ শিক্ষাগত অৰ্হতাৰ তথ্য আছে।
এই লেখাত উল্লেখ আছে যে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মৰ্কেল সম্প্ৰতি বিশ্বৰ সৰ্বাধিক শিক্ষিত নেতা। তেওঁ জাৰ্মান একাডেমী অৱ চায়েঞ্চৰ পৰা কোৱান্টাম কেমেষ্ট্ৰীত পিএইছ.ডি. লাভ কৰিছে। কিন্তু তাত ৰাহুল গান্ধীৰ ক’তো উল্লেখ নাই।

Original Link- Wisestep | Archived Link
ৱাইজষ্টেপ নামৰ আন এটা ৱেবচাইটে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড. মনমোহন সিঙক বিশ্বৰ নৱম স্থানৰ শিক্ষিত নেতা বুলি উল্লেখ কৰিছে। কিন্তু তাতো ৰাহুল গান্ধীৰ নাম নাই।
আমি অনলাইন ৰাহুল গান্ধীৰ শিক্ষাগত অৰ্হতাৰ সন্ধান কৰি চালো আৰু আমি ২০১৯চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ লগত দিয়া এখন এফিডেভিট লাভ কৰিলো য’ত উল্লেখ আছে যে ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা এমফিল কৰিছে।
ফলাফল
ফৌৰ্বছে তেনেকুৱা কোনো তালিকা প্ৰকাশ কৰা নাই। সেইবাবে ৰাহুল গান্ধীয়ে তালিকাৰ সপ্তম স্থান অধিকাৰ কৰা দাবীটো অমূলক। যদিও আন কিছু সংস্থাই তেনেকুৱা তালিকা প্ৰকাশ কৰিছে, তাতো ৰাহুল গান্ধীৰ নাম নাই।

Title:ৰাহুল গান্ধীক ফৰ্বছ সবাটোকৈ শিক্ষিত নেতাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে নেকি?? সত্যটো পঢ়ক
Fact Check By: Manjori BorkotokyResult: False