
শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এটা ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এজন অনুৰাগীয়ে ৰণবীৰ কাপুৰৰ লগত ছেলফি ল’বলৈ চেষ্টা কৰিছে আৰু ৰণবীৰ কাপুৰে অনুৰাগীজনৰ ফোনটো লৈ দলিয়াই দিছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছৰেপৰা ৰণবীৰ কাপুৰক চ’চিয়েল মেডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে।
ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ধেৎ,এনেকুৱা কিয় কৰা ? ছেল্ফি লব’লৈ অনুৰাগীয়ে উলিওৱা ফোন দলিয়ালে অভিনেতা ৰণৱীৰ কাপুৰে”।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি গুগলত কীৱ’ৰ্ড চাৰ্চ কৰি ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত কেইবাটাও বাতৰি পালোঁ। ২০২৩ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে প্ৰকাশিত “লাইভ হিন্দুস্তান“ৰ প্ৰতিবেদন অনুসৰি, ৰণবীৰ কাপুৰৰ এই ভিডিঅ’টো আছিল এটা বিজ্ঞাপনৰ অংশ।
“Viral Bhaiyani” আৰু ”Oppo India”ৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত এই ভিডিঅ’টো সম্পূৰ্ণভাৱে আপলোড কৰা হৈছে। তাত ৰণবীৰ কাপুৰে পিছত যুৱকজনক Oppoৰ ফোন এটা দিয়া দেখা গৈছে। কেপশ্বনত উল্লেখ কৰা অনুসৰি সেয়া আছিল Oppo Reno 8T ৰ প্ৰ’ম’শ্বনেল ভিডিঅ’।
তদুপৰি Oppoৰ টুইটাৰত প্ৰকাশ কৰা এটা টুইট আমি পালোঁ, য’ত ভাইৰেল ভিডিঅ’টো সম্পূৰ্ণৰূপে পোষ্ট কৰা হৈছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত দাবী কৰাৰ নিচিনাকৈ ৰণবীৰ কাপুৰে অনুৰাগীজনৰ ফোনটো দলিয়াই দিয়া ঘটনাটো সত্য নহয় বৰং সেয়া এক বিজ্ঞাপনৰহে অংশ আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰণবীৰ কাপুৰে সঁচাকৈয়ে অনুৰাগীজনৰ ফোন দলিয়াই দিছিলনে?
Fact Check By: Debanjana BaishyaResult: False
