শেহতীয়াভাৱে অসমত এটা দাবী ভাইৰেল হৈ পৰিছে যে ৱিপ্ৰ'ৰ প্ৰতিস্থাপক তথা সমাজসেৱক আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব। হোৱাটছএপত বিয়পি পৰাৰ সমান্তৰালভাৱে এই পোষ্ট ফেচবুকতো ভাইৰেল হৈ পৰিছে।

Premji FB.png

Original Link- Facebook link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ ফেক্ট লাইন নম্বৰ 9049053770লৈ অহা এই সত্যতা নিৰূপনৰ আবেদনৰ পিছত ইয়াৰ সত্যতা নিৰুপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলো।

সকলো দিশ পৰীক্ষা কৰাৰ পিছত আমি এক সিদ্ধান্তত উপনিত হলো যে আজিম প্ৰেমজীৰ ভাষ্যৰ বিকৃত আৰু বিভ্ৰান্তিকৰ এক দাবী প্ৰচাৰ কৰা হৈছে।

Premji WA.png

Archived Link

সত্যতা নিৰুপন পদ্ধতি

আমি কেইটামান প্ৰাসংগিক শব্দ হৈ গুগল ছাৰ্চ কৰি চালো। আমি ইণ্ডিয়া টুডেৰ এটা বাতৰিৰ লিংক লাভ কৰিলো য'ত স্পষ্টকৈ উল্লেখ কৰা আছে যে আজিম প্ৰেমজীয়ে উল্লেখ কৰিছে যে যদি চৰকাৰে ব্যক্তিগত খণ্ডৰ উদ্যোগসমুহক এই কামত সন্নিবিষ্ট কৰে তেনেহলে দুমাহৰ ভিতৰত ৫০কোটি ভাৰতীয়ক কৰোনাভাইৰাছৰ ভেকচিন প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব।

Premji India Today.png

Original Link- India Today | Archived Link

তেওঁ কেতিয়াও দাবী কৰা নাই যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব।

আমি একেটা বাতৰিয়ে দেশৰ আগশাৰীৰ কেইবাটিও সংবাদ প্ৰতিস্থান, কাকত আৰু পোৰ্টেলত পালো।

ফলাফল

আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে ব্যক্তিগত খণ্ডৰ উদ্যোগসমুহক এই কামত সন্নিবিষ্ট কৰে তেনেহলে দুমাহৰ ভিতৰত ৫০কোটি ভাৰতীয়ক কৰোনাভাইৰাছৰ ভেকচিন প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব। তেওঁ কেতিয়াও দাবী কৰা নাই যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব।

Avatar

Title:আজিম প্ৰেমজীয়ে চৰকাৰে অনুমতি দিলে ৫০কোটি ভাৰতীয়ক দুই মাহৰ ভিতৰত কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব বুলি দাবী কৰা নাই ।

Fact Check By: Manjori Borkotoky

Result: Misleading