হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজন পেলেষ্টাইনী লোকে মিছাইলৰ আঘাত পোৱাৰ ভিডিঅ’। ভিডিঅ’টোত দুজন লোকক সংঘাতজৰ্জৰ অঞ্চলৰ পৰা পলাই যোৱা দেখা গৈছে। কেমেৰা কঢ়িয়াই নিয়া ব্যক্তিজনে বোমাবৰ্ষণৰ পৰা হাত সাৰিবলৈ আলোচনা কৰা শুনা যায়। হঠাৎ এটা ডাঙৰ শব্দ হয় আৰু কেমেৰাটো মাটিত বাগৰি পৰে। ৰেকৰ্ডিং চলি থাকে আৰু কেমেৰামেনৰ নিৰ্জীৱ হাতখন দেখা যায়। তাৰ পিছত পৰ্দাৰ টেক্সটত লিখা আছে “ফৌয়াদ জাবেৰ আৰু খালেদ হামাদ দুয়োজনেই এই মিছাইলৰ দ্বাৰা নিহত হৈছিল। খালেদৰ মৃত্যুৰ পিছতো তেওঁৰ কেমেৰাই ৰেকৰ্ডিং কৰি থাকিল।”

পোষ্টটোত কেপশ্বন আছিল এইদৰে - "“Palestinian journalist films the moment an Israeli strike kills him and a fellow medic on live TV “The most moral army” #OMAEK #TÜRKIYEYÜZYILI #GAZABOMBING #gaza”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো ভালদৰে পৰ্যবেক্ষণ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ, য’ত আমি আল জাজিৰাৰ ল’গ’টো আৱিষ্কাৰ কৰিলোঁ। এই কথা মনত ৰাখি আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু লগতে গুগলত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া ২০১৬ চনৰ জুলাই মাহত ইউটিউবত আপলোড কৰা আল জাজিৰাৰ এখন তথ্যচিত্ৰত একেটা ভিডিঅ’ পাইছিলোঁ।

আল জাজিৰা চেনেলৰ মতে পেলেষ্টাইনী কেমেৰামেন খালেদ হামাদে ২০১৪ চনত গাজা ষ্ট্ৰিপৰ ঘন জনবসতিপূৰ্ণ চুবুৰী শ্বুজায়েয়াত ইজৰাইলে কৰা আক্ৰমণ নথিভুক্ত কৰিছে। গাজাৰ পৰা ৰকেটৰ গুলী বৰ্ষণ বন্ধ কৰাৰ লক্ষ্যৰে অপাৰেচন প্ৰটেক্টিভ এজৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল। ছবিখনত দেখা গৈছে যে হামাদ আৰু স্থানীয় পেৰামেডিক্চসকলে মৃতদেহ আৰু আহতসকলৰ যত্ন লৈছে, নিজৰ জীৱন বিপন্ন কৰি সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত অত্যাচাৰৰ নথিভুক্ত কৰিছে। এই অভিযানৰ ফলত ব্যস্ত বজাৰৰ ষ্টিল শ্বুটিং কৰি থকা অৱস্থাত ৰমী ৰায়নকে ধৰি কেইবাজনো সাংবাদিকৰ মৃত্যু হয়। হামাদৰ ফুটেজ বেছিভাগেই তেওঁৰ, আৰু শেষ উশাহ লোৱাৰ পিছতো তেওঁৰ কেমেৰাটো ৰোল হৈয়েই আছিল।

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই ভিডিঅ’টোৰ শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে কোনো কাৰণতে কোনো সম্পৰ্ক নাই।

২০১৪ চনৰ ২১ জুলাইৰ এটা বাতৰিত দ্য গাৰ্ডিয়ানে হামাদৰ মৃত্যুৰ বিষয়ে কেপচন দি প্ৰকাশ কৰিছিল, “ইজৰাইলৰ আক্ৰমণৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে গাজাত নিহত পেলেষ্টাইনী কেমেৰামেন”। প্ৰতিবেদনত আৰু কোৱা হৈছে যে “আজি পুৱা গাজাত এজন পেলেষ্টাইনী নিউজ কেমেৰামেন খালেদ হামাদ নিহত হয়, খবৰ অনুসৰি চহৰখনৰ শ্বুজায়া (উৰ্ধ্বতন শ্বুজা’ইয়া) আৱাসিক জিলাত ইজৰাইলী আৰ্টিলাৰীয়ে গোলাবৰ্ষণ কৰাৰ সময়ত”।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ'টো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়। ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে জড়িত ভিডিঅ'টো, ২০১৪ চনৰ।এয়া আল জাজিৰাৰ এটা খণ্ড (গাজা-শেষ ছবিখন) য'ত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ দেখুওৱা হৈছে। তাৰ ফলত কেমেৰামেন খালিদ হামাদৰ মৃত্যু হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অন কেমেৰা সাংবাদিকৰ মৃত্যু হোৱা এই ভিডিঅ'টো ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

Written By: Debanjana Baishya

Result: Misleading