ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

False International

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। 

ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

প্ৰথমে আমি এন ডি টিভিয়ে প্ৰকাশ কৰা এটা ৰিপ’ৰ্ট পালোঁ য’ত লিখা আছিল যে নেপালৰ এয়াৰ হোষ্টেছৰ ভাইৰেল ভিডিঅ’টো পুৰণি, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগমুহুৰ্তৰ নহয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

যিহেতু ভাৰতত টিকটক নিষিদ্ধ, আমি আমাৰ ফেক্ট ক্ৰেছেণ্ড কম্বোডিয়া টিমক এই টিকটক ভিডিঅ’টো বিচাৰিবলৈ অনুৰোধ কৰিলোঁ। তেওঁলোকে দিয়া তথ্য অনুসৰি অশিন মাগৰে এই টিকটক ভিডিঅ’টো ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ১১ তাৰিখে তেওঁৰ প্ৰ’ফাইলৰ পৰা আপলোড কৰিছিল।

Archived Link

গতিকে আমি নিশ্চিত হ’লো যে ভাইৰেল ভিডিঅ’টো বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগমুহুৰ্তৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগমুহুৰ্তৰ নহয় বৰং পুৰণি হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *