অযোধ্যা ৰাম মন্দিৰ অভিষেকৰ প্ৰাকক্ষণত ২১ জানুৱাৰীত মুম্বাইৰ মীৰা ৰোডত বাহন ৰেলীৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ১৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিজন নাবালকক আটক কৰে।

বৰ্তমান ছ’চিয়েল মিডিয়াত মীৰা ৰোডৰ সংঘৰ্ষ সম্পৰ্কে ভুৱা দাবী থকা বহু পুৰণি আৰু অসংলগ্ন ভিডিঅ’ আৰু ফটো প্ৰচাৰিত হৈছে। বিশেষকৈ এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত আৰক্ষী বিষয়াই কিছুমান লোকক ঘৰৰ পৰা বলপূৰ্বকভাৱে টানি আনি গ্ৰেপ্তাৰ কৰিছে।

এই ক্লিপটোত মুম্বাই আৰক্ষীয়ে মীৰা ৰোড দাঙ্গাত অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে।

একেটা ভিডিঅ' আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভালদৰে লক্ষ্য কৰি আমি দেখিলোঁ যে বেৰত এখন বৰ্ড আছে য’ত লিখা আছে – ‘শ্বাফফ।’

গুগল চাৰ্চত দেখা গ’ল যে শ্বাফফ হৈছে হায়দৰাবাদৰ শালিবাণ্ডাত অৱস্থিত এটা পেকেজড খোৱাপানীৰ কোম্পানী।

তদুপৰি ভিডিঅ’টোত দেখুওৱা আৰক্ষীৰ এখন গাড়ীৰ পঞ্জীয়ন নম্বৰ ‘TS’ ৰে আৰম্ভ হৈছে।এই বিশেষ ক’ডে বাহনখন তেলেংগানা ৰাজ্যত পঞ্জীয়ন কৰা বুলি সূচায়।

গুগল মেপ ব্যৱহাৰ কৰি আমি হায়দৰাবাদ চহৰৰ ‘শ্বাফফ’ দোকানৰ সঠিক স্থান বিচাৰি উলিয়ালোঁ৷

ভিডিঅ'টোত দেখুওৱা আন এটা অট্টালিকাত উৰ্দু ভাষাত লিখা লিপিও আমি চিনাক্ত কৰিলোঁ। আমি হায়দৰাবাদৰ গুগল মেপত একেটা অট্টালিকাৰ স্থান সফলতাৰে লাভ কৰিলোঁ।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো মুম্বাইৰ নহয় বৰং হায়দৰাবাদৰহে।

ঘটনাটো কি আছিল

বাতৰি অনুসৰি বিজেপি নেতা টি ৰাজা সিঙক ইছলাম আৰু হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগত ২০২২ চনৰ ২৩ আগষ্টত হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে পিছদিনা জামিন মঞ্জুৰ কৰা হয়।

মুক্তিৰ পিছতে পুৱাৰে পৰা শ্বাহালিবাণ্ডা আৰু চাৰ্মিনাৰ অঞ্চলত বৃহৎ সংখ্যক প্ৰতিবাদকাৰীৰ সমাগম হয়। এই প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত আৰক্ষীয়ে প্ৰতিবাদত জড়িত বুলি সন্দেহ কৰা কেইবাজনো যুৱকক আটক কৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টো হায়দৰাবাদৰ আৰু ২০২২ চনৰে। মীৰা ৰোডৰ ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হায়দৰাবাদৰ পুৰণি ভিডিঅ' মুম্বাইৰ মীৰা ৰোডৰ শেহতীয়া ঘটনাৰ বুলি ভাইৰেল হৈছে।

Written By: Debanjana Baishya

Result: False