এজন ব্যক্তিয়ে এগিলাচ পানীত থুৱাই দিয়া এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ভিডিঅ'টোত দেখা ব্যক্তিগৰাকী আলিগড় কোৰ্টত‌ কৰ্মৰত এজন মুছলমান পিয়ন আৰু "থু জেহাদ"ৰ অংশ হিচাপে তেওঁ ন্যায়াধীশৰ পানীৰ গিলাচত থু পেলাই ন্যায়াধীশগৰাকীক খাবলৈ দিছিল। এই ভিডিঅ'টো আমাৰ 24*7 হোৱাটচ‌এপ নম্বৰলৈ (9049053770) প্ৰেৰণ কৰা হৈছিল আৰু কেপশ্বনত লিখা আছিল এইদৰে, "উত্তৰ প্ৰদেশৰ আলিগড় কোৰ্টত‌ এজন মুছলমান পিয়নে এনেদৰে থু মিহলোৱা পানী খুৱাইছে ন্যায়াধীশক। একদম নতুন ভিডিঅ' থু জেহাদৰ"।

Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৮ চনৰ ২৯ মে'ত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি, পানীৰ গিলাচটোত থু পেলোৱা ব্যক্তিজন আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিকাশ গুপ্তা, যিয়ে সেই পানীৰ গিলাচটো এগৰাকী মহিলা ন্যায়াধীশক দিছিল। ঘটনা পোহৰলৈ অহাৰ পাছতে বিকাশ গুপ্তাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আন এক প্ৰতিবেদনত কোৱা হৈছে যে সন্দেহবশতঃ ন্যায়াধীশে ফোন কেমেৰা স্থাপন কৰিছিল আৰু এইদৰেই এই ঘটনা পোহৰলৈ আহে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছিল পিয়নজনক।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

এই ঘটনা সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

Archived Link 1

Archived Link 2

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু ভিডিঅ'টোত থকা ব্যক্তিজন মুছলমান নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। পানীৰ গিলাচত থু পেলোৱা ব্যক্তিজন আলিগড়ৰ ন্যায়িক বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিকাশ গুপ্তা আৰু তেওঁ মুছলমান নাছিল। তদুপৰি ভিডিঅ’টো শেহতীয়া নহয়। ভিডিঅ’টোত কোনো সাম্প্ৰদায়িক দিশ নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পানীৰ গিলাচত থু পেলোৱা ব্যক্তিজনৰ এই ভিডিঅ'টো পুৰণি আৰু ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

Fact Check By: Debanjana Baishya

Result: Misleading