শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত এক ৰাজনৈতিক ৰেলীত সেউজীয়া পতাকা লৈ এদল মানুহে শ্লোগান দিয়া দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কেৰেলাৰ ৰাহুল গান্ধীৰ সমৰ্থক মুছলমান লোকৰ ৰেলী।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা ইউটিউব চেনেলত ২০১৯ চনৰ ১০ জুনত আপলোড হোৱা ভিডিঅ' এটা পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল "IUML 2019″। গতিকে আমি নিশ্চিত হ'লোঁ যে এই ভিডিঅ'টো শেহতীয়া নহয়।

তদুপৰি ভিডিঅ'টোত থকা সেউজীয়া পতাকাকেইখন হ'ল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ নামৰ ৰাজনৈতিক সংগঠন এটাৰ।ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (IUML) হ'ল কেৰালাত কংগ্ৰেছৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (UDF)ৰ অংশ।

ভাইৰেল ভিডিঅ'টোৰ কেপশ্বনত দাবী কৰা হৈছিল যে পতাকাসমূহ পাকিস্তানৰ পতাকাৰ দৰেই বিশেষ ইছলামিক পতাকা। গতিকে পাকিস্তানৰ পতাকা আৰু IUML ৰ পতাকাৰ তুলনা তলত চাব পাৰিব।

ভিডিঅ’টো সম্ভৱতঃ ২০১৯ চনৰ নিৰ্বাচনী প্ৰচাৰৰ হ’ব পাৰে। দলীয় কৰ্মীসকলে মালয়ালম ভাষাত শ্লোগান দিয়া শুনা যায়। আমাৰ ফেক্ট ক্ৰেছেণ্ড মালায়ালম টীমৰ সদস্য‌ই জনোৱা মতে ইয়াৰ এটা শ্লোগান হ’ল, “ee kolam Satish Chandran Veettil Iriktte... Parliamentil Unnithan VijayichuPokatte”; এই শ্লোগানসমূহত ভাৰতীয় কমিউনিষ্ট পাৰ্টি

–মাৰ্ক্সবাদী (CPM) নেতা কে.পি. সতীশ চন্দ্ৰন আৰু কংগ্ৰেছ নেতা ৰাজমোহন উন্নীথানৰ নাম উল্লেখ কৰা হৈছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কাছাৰগোড সমষ্টিৰ পৰা ক্ৰমে চিপিএম আৰু কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি কে.পি সতীশ চন্দ্ৰন আৰু ৰাজমোহন উন্নীথানে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Twitter Link | Archived Link

এই সম্পৰ্কে টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

ভিডিঅ'টো ভালদৰে লক্ষ্য কৰি আমি এখন দোকানৰ ছাইনবোৰ্ড দেখিলোঁ। তাত লিখা আছিল এইদৰে," Aramana Silks"।

তাৰপাছত আমি "আৰামানা ছিল্কছ কাছাৰগোড" বুলি ছাৰ্চ কৰিলোঁ আৰু তেতিয়া হাউছকিপিং ছাৰ্ভিছৰ এটা বিজ্ঞাপন পালোঁ য'ত ভিডিঅ'টোত দেখা দোকানখনৰ দৃশ্য আছিল।

ভিডিঅ’টোত দেখা দোকানখন আৰু ইউটিউব বিজ্ঞাপনত দেখুওৱা দোকানখনৰ তুলনা তলত চাব পাৰিব। ভিডিঅ’টোত দেখা "আৰামনা ছিল্কছ বাজাৰ" দোকানখন যে কাছাৰগোডত আছে সেয়া স্পষ্ট। সেয়েহে আমি নিশ্চিতভাৱে ক’ব পাৰো যে ভিডিঅ’টো ৱায়ানাডৰ নহয় বৰং কাছাৰগোডৰ আৰু ই ২০১৯ চনৰ ৰাজনৈতিক প্ৰচাৰৰ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ'টো হৈছে ২০১৯ চনত কাছাৰগোডত ইউডিএফৰ প্ৰাৰ্থী ৰাজমোহন উন্নীথানৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা ইউডিএফৰ এক সমাৱেশৰ। ভিডিঅ’টোত দেখা পোৱা পতাকাসমূহ কংগ্ৰেছৰ মিত্ৰজোঁটৰ অংশীদাৰ আই ইউ এম এলৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীৰ সমৰ্থকে কেৰেলাত ইছলামিক পতাকা লৈ ৰেলী কৰিছিল নেকি?

Fact Check By: Debanjana Baishya

Result: Misleading