শেহতীয়াকৈ চ'ছিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী প্ৰতীক থকা গেৰুৱা টুপী আৰু স্কাৰ্ফ পৰিহিত কিছুসংখ্যক ব্যক্তিয়ে সুৰা বিতৰণ কৰি আছে। দাবী কৰা হৈছে যে বিজেপি দলৰ নৱনিযুক্ত সদস্যসকলৰ মাজত এইদৰে সুৰা বিতৰণ কৰা হৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,

"বিজেপিৰ কাৰ্য্যকৰ্তা

দলৰ নৱ নিযুক্ত ১৫ ছ টকীয়া ভক্তগণৰ মাজত আজি সুৰা বিতৰণ কৰা হয় 🙏

জয় শ্ৰী Rum"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

আমি উত্তৰ প্ৰদেশ কংগ্ৰেছৰ এক্স হেণ্ডলত ২০২১ চনৰ ২০ ডিচেম্বৰত আপলোড হোৱা এটা ভিডিঅ' পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই।

একেটা ভিডিঅ' ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভিয়ে ২০২১ চনৰ ২১ ডিচেম্বৰত নিজৰ এক্স হেণ্ডলত আপলোড কৰি দাবী কৰিছিল যে সেয়া দেৱভূমি হৰিদ্বাৰৰ দৃশ্য য'ত বিজেপি কৰ্মকৰ্তাই সুৰা বিতৰণ কৰিছিল।

এই সম্পৰ্কে দৈনিক ভাস্কৰৰ দুবছৰ পুৰণি এক প্ৰতিবেদন আমি পালোঁ। তাত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ টুইটটোৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ কৰা হৈছিল যে বিজেপিয়ে মানুহ গোটাবলৈ সুৰা বিতৰণ কৰা বুলি উত্তৰ প্ৰদেশ কংগ্ৰেছে দাবী কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

UP Tak নামৰ ইউটিউব চেনেলটোতো একেটা ভিডিঅ' ২০২১ চনৰ ২১ ডিচেম্বৰত আপলোড হোৱা আমি দেখিলোঁ। এই ভিডিঅ'টোতো উত্তৰ প্ৰদেশ কংগ্ৰেছৰ টুইটটোৰ উদ্ধৃতি দি বাতৰি পৰিৱেশন কৰা হৈছিল।

গতিকে আমি নিশ্চিত হ'লোঁ যে এই ভিডিঅ'টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। দাবী কৰা ধৰণে সুৰা বিতৰণৰ এই ভিডিঅ'টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সুৰা বিতৰণৰ এই ভিডিঅ'টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

Fact Check By: Debanjana Baishya

Result: Missing Context