
এখন চিকিৎসালয়ত কোনো ব্যক্তিক ততাতৈয়াকৈ ষ্ট্ৰেছাৰত উঠাই লৈ অহা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত টেক্সট অ’ভাৰলে আছে এইদৰে, “অসমৰ সম্পদ জুবিন গাৰ্গ আৰু দাদাক কেতিয়াও দেখা নাপাওঁ আজিৰ পৰা। আপুনি অসমবাসীৰ হৃদয়ত আছিল আৰু সদায় থাকিবা।” এই ভিডিঅ’টো জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য বুলি এইদৰে দাবী কৰা হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি CNN News 18ৰ ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ১২ জুনত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’ত দেখুওৱা পৰিবেশটোৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা আমি দেখিলোঁ। পোষ্টটোত উল্লেখ কৰা হৈছিল যে যোৱা ১২ জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক এইদৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই ভিডিঅ’ এটা আমি এটা ফেচবুক পেজত আপলোড হোৱা দেখিলোঁ যোৱা ১৩ জুনত।
গতিকে ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।
ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা আন ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব। এইসমূহ প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত যোৱা ১২ জুনত আহমেদাবাদত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক এইদৰে চিকিৎসালয়লৈ লৈ যোৱা দেখা গৈছে।
ভাইৰেল ভিডিঅ’টোত চিকিৎসালয়ৰ কৰ্মীসকলে পিন্ধা এপ্ৰ’নবোৰত আমি এটা ল’গ’ দেখিলোঁ য’ত লিখা আছিল এইদৰে, “VISHV”।

প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে VISHV Enterprise হ’ল গুজৰাটৰ এনে এটা প্ৰতিষ্ঠান যিয়ে পেৰামেডিকেল কৰ্মচাৰী, চিকিউৰিটি চাৰ্ভিচ, হাউচকিপিং ইত্যাদিৰ যোগান ধৰে।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু জুবিন গাৰ্গৰ সৈতে সম্পৰ্কিত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যোৱা দৃশ্য দেখা যোৱা নাই বৰং, যোৱা ১২ জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলকহে চিকিৎসালয়লৈ লৈ যোৱা দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:আহমেদাবাদ বিমান দুৰ্ঘটনাৰ সময়ৰ ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: Misleading


