ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

Partly-False Social

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো আৰু ভিডিঅ’। ফেচবুকত কিছুমান দৃশ্যাংশ সংলগ্ন কৰি এটা নিউজ প’ৰ্টেলে সেয়া চীনৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি দাবী কৰিছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। ভিডিঅ’টোত ভিন ভিন দৃশ্যাংশ সংলগ্ন কৰা হৈছিল। আমি প্ৰত্যেকটো দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

প্ৰথম দৃশ্যাংশ

প্ৰথম দৃশ্যাংশৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি নিউজফ্লেয়াৰ নামৰ এটা ৱেবছাইটত ভিডিঅ’ এটা পালোঁ যিটো আছিল ভাইৰেল দৃশ্যাংশৰ সৈতে একেই। 

Archived Link 

ভিডিঅ’টোৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে ২০২৪ চনৰ ৫ এপ্ৰিলত উৰাল নদীৰ এটা বান্ধ ভাঙি ৰাছিয়াৰ অৰ্স্কত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল।

আমি পুনৰ ছাৰ্চ কৰি একেটা ভিডিঅ’ আন‌ এটা ৱেবছাইটত পালোঁ। তাত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ৰাছিয়া অ’ৰেনবাৰ্গত হোৱা শেহতীয়া বানপানীৰ।

আমি একেটা ভিডিঅ’ এটা ইউটিউব চেনেলত পালোঁ। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ১৩ এপ্ৰিলত। ভিডিঅ’টোত থকা দৃশ্যসমূহ অ’ৰেনবাৰ্গত হোৱা বানপানীৰ বুলি উল্লেখ কৰা হৈছিল। ইউটিউবত পোৱা ভিডিঅ’টোৰ ১:২৮ টাইমষ্টেম্পত আমি ভাইৰেল ভিডিঅ’টো পালোঁ।

তদুপৰি ভাইৰেল ভিডিঅ’টোত থকা ষষ্ঠ দৃশ্যাংশটোও আমি এই ভিডিঅ’টোত পালোঁ।

আমি পুনৰ কীৱ’ৰ্ড ছাৰ্চ কৰি দ্য গাৰ্ডিয়ানৰ এক‌ প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোত থকা ষষ্ঠ দৃশ্যাংশটো আছিল আৰু সেয়া ৰাছিয়াৰ অ’ৰেনবাৰ্গত হোৱা বানপানীৰ বুলি উল্লেখ কৰা হৈছিল।

গতিকে আমি জানিব পাৰিলোঁ যে ভাইৰেল ভিডিঅ’টোৰ প্ৰথম আৰু ষষ্ঠ দৃশ্যাংশ চীনত হোৱা বানপানীৰ নহয় বৰং ৰাছিয়াত হোৱা বানপানীৰহে।

এইবাৰ আমি ভাইৰেল ভিডিঅ’টোৰ দ্বিতীয় দৃশ্যাংশৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ 

তেতিয়া ECNS.CN নামৰ এটা ৱেবছাইটত ২০২৩ চনৰ ৩১ জুলাইত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত সংলগ্ন ফটোখন আছিল ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে একেই। প্ৰতিবেদন অনুসৰি ৩১ জুলাইত বেইজিঙৰ মেণ্টৌগৌ জিলাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত নদীৰ পানী বৃদ্ধি পোৱাৰ লগতে বানপানীত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য গাড়ী বানে উটুৱাই লৈ গৈছিল।

Archived Link 

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত আৰু ইয়াত চাওক।

গতিকে আমি জানিব পাৰিলোঁ যে এই দৃশ্যাংশ চীনত হোৱা শেহতীয়া বানপানীৰ নহয় বৰং ২০২৩ চনত হোৱা বানপানীৰহে।

ভাইৰেল ভিডিঅ’টোৰ তৃতীয় দৃশ্যাংশৰ অস্পষ্ট হোৱা বাবে সেই সম্পৰ্কে আমি সঠিককৈ জানিব নোৱাৰিলোঁ।

চতুৰ্থ দৃশ্যাংশৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৩ চনৰ ৩১ জুলাইত এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে কৰা এটা টুইট পালোঁ য’ত সংলগ্ন ভিডিঅ’টো আছিল ভাইৰেল দৃশ্যাংশৰ সৈতে একেই। সেয়া চীনত সেই সময়ত হোৱা বানপানীৰ দৃশ্য বুলি উল্লেখ কৰা হৈছিল। 

Archived Link 

যিহেতু এই ভিডিঅ’টো ২০২৩ চনৰপৰাই ইণ্টাৰনেটত উপলব্ধ, গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো চীনৰ শেহতীয়া বানপানীৰ নহয়।

এইবাৰ আমি পঞ্চম দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ। আমি ইউটিউবত এটা ভিডিঅ‘ পালোঁ য’ত ভাইৰেল দৃশ্যাংশ সংলগ্ন কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে সেয়া চীনৰ শেহতীয়া বানপানীৰ দৃশ্য। 

একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট সংলগ্ন এক প্ৰতিবেদন আমি পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া চীনৰ শেহতীয়া বানপানীৰ দৃশ্য।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ভিডিঅ’টোৰ প্ৰথম আৰু ষষ্ঠ দৃশ্যাংশ চীনৰ নহয় বৰং ৰাছিয়াৰ বানপানীৰ আৰু দ্বিতীয় আৰু চতুৰ্থ দৃশ্যাংশ চীনত ২০২৩ চনৰ জুলাই মাহত হোৱা বানপানীৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

Written By: Fact Crescendo Team 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *