
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল। এই দিনটোক ভাৰতত “ক’লা দিন” হিচাপে চিহ্নিত কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই দুৰ্ভাগ্যজনক দিনটোৰ চাৰি বছৰ পূৰ্ণ হ’ল। চ’চিয়েল মেডিয়াত পুলৱামা আক্ৰমণ, ক’লা দিন, ব্লেক দে’ আদি শিৰোনাম তথা হেশ্বটেগেৰে বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গ’ল। এনে সময়তে এটা চিচিটিভি ফুটেজৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে যে পথত কিছু বাহন চলাচল কৰি থকাৰ সময়তে বিস্ফোৰণ ঘটে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে।

Sharechat Link | Archived Link
এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০০৮ চনৰ মাৰ্চ মাহৰ ৬ তাৰিখে এটা ইউটিউব চেনেলত আপলোড হোৱা ভিডিঅ’ এটা পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই।
আমি সেই একেটা ভিডিঅ’ আন এটা ইউটিউব চেনেলে আপলোড কৰা দেখিলোঁ ২০০৮ চনৰ ডিচেম্বৰ মাহৰ ৯ তাৰিখে, য’ত দাবী কৰা হৈছিল ভিডিঅ’টো ২০০৭ চনত ইৰাকত সংঘটিত ঘটনাৰ বুলি।
Please Embed
তাৰপিছত গুগলত বিভিন্ন কীৱ’ৰ্ড চাৰ্চ কৰি আমি এটা ৱেবছাইটত সেই একেটা ভিডিঅ’ সম্প্ৰচাৰিত হোৱা দেখিলোঁ। ভিডিঅ’টোত থকা টাইমষ্টেম্প অনুসৰি ঘটনাৰ সময় আছিল বিয়লি চাৰি বজাৰ ঠিক আগমূহুৰ্তত ২০০৭ চনৰ ছেপ্টেম্বৰ মাহৰ ২ তাৰিখ।

আমি আৰু অনুসন্ধান কৰি গম পালোঁ যে জম্মু আৰু কাশ্মীৰ হাইৱে’ত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে কোনোধৰণৰ চিচিটিভি কেমেৰা নাছিল। সেই আক্ৰমণৰ পাছতহে ৰাজ্য আৰক্ষীক শ্ৰীনগৰ-সোনমাৰ্গ আৰু জম্মু-শ্ৰীনগৰ ঘাইপথত চিচিটিভি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ নহয়, বৰং ২০০৭ চনত ইৰাকত সংঘটিত ঘটনাৰহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে?
Fact Check By: FactCrescendo AssameseResult: False
