FACT CHECK: মোডী বিৰোধী পোষ্টাৰ দেখুওৱা ভাইৰেল ছবিবোৰ শেহতীয়াকৈ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ৰ নহয়!

False Political

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত মোডীক এডল্ফ হিটলাৰৰ সৈতে তুলনা কৰা প্লেকাৰ্ড হাতত লৈ থকা মোডী বিৰোধী প্ৰদৰ্শনকাৰীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । 

মোডীৰ শেহতীয়া ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত মোডী বিৰোধী প্ৰতিবাদ অনুষ্ঠিত হৈছিল বুলি দাবী কৰি একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এই ছবিসমূহ পোষ্ট কৰিছে।

অসমতো উক্ত ফটো কেইখন ভাইৰেল হৈছে আৰু ৰাছেল হুছেইন নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটো কেইখন আপলোড কৰা হৈছে আৰু লগতে কেপচনত আশ্চৰ্য প্ৰকাশ কৰি লিখা হৈছে যে ২০১৪ আৰু ২০১৯ চনত হাজাৰ হাজাৰ ভাৰতীয় মানুহে মোডীক আদৰণি জনাইছিল কিন্তু শেহতীয়া ভ্ৰমণৰ সময়ত এনে পৰিস্থিতি দেখা গৈছে ।

উক্ত ফেচবুক পোষ্টটো, “আমেৰিকাত প্ৰধানমন্ত্ৰী মোডী উপস্থিত হোৱাৰ পিছৰ ছবি কেইখন দেখি আচৰিত হৈছো । বিশ্বাস কৰিবলৈ টান হৈছে – একেখন দেশৰ নিউয়ৰ্ক চহৰৰ মেডিছন স্কোৱেৰ গাৰ্ডেনত ২০১৪ চনত বিশহেজাৰ আৰু ২০১৯ চনত টেক্সাসৰ হাউষ্টন চহৰত হাউদী মোডীত পঞ্চাশ হাজাৰ আমেৰিকান ভাৰতীয়ই একেজন প্ৰধানমন্ত্ৰীৰ উদ্দাত্ত ভাষণ শুনিবলৈ আহিছিল ।” কেপশ্বনৰ সৈতে ২৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে আপলোড কৰা হৈছিল আৰু বৰ্তমানলৈকে ১০৫ বাৰ শ্বেয়াৰ কৰা হৈছে । 

Facebook Post | Archived Link

আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই, এই বিষয়ে এক অনুসন্ধান কৰি উক্ত ভাইৰেল পোষ্টৰ সত্যতা নিশ্চিত কৰিবলৈ সিদ্ধান্ত ললোঁ । আমি জানিব পাৰিলোঁ যে ভাইৰেল ছবিবোৰ ২০১৯ চনৰ, যেতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিছিল। যদিও হিউষ্টনত ‘হাউডি মোডী’ অনুষ্ঠানত নৰেন্দ্ৰ মোডীৰ প্ৰতি বৃহৎ সমৰ্থন দেখা গৈছিল, তেওঁৰ বিৰুদ্ধে কিছু প্ৰতিবাদ হিউষ্টনৰ পৰাও হৈছিল ।

Fact Check Methodology

আমি প্ৰথমে গুগলত উক্ত ভাইৰেল ফটোবোৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ । ফলত আমি ২০১৯ চনৰ ছ’চিয়েল মিডিয়াত মোডী বিৰোধী প্ৰতিবাদৰ উক্ত ভাইৰেল ছবিবোৰ বিচাৰি পালোঁ।

এইটো সঁচা যে সেই সময়ছোৱাত এই ছবিবোৰে মূলসুঁতিৰ ভাৰতীয় মাধ্যমত স্থান পোৱা নাছিল। কিন্তু একাধিক ৱেবছাইট আৰু বাতৰি পৰ্টেলে তেওঁলোকৰ বিষয়ে লিখিছিল আৰু এই প্ৰতিবাদবোৰৰ বিষয়ে ফটো প্ৰকাশ কৰিছিল। Blog Post Link | Archived Link

এই ৱেবছাইটসমূহৰ মতে, ২০১৯ চনত হিউষ্টনত মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰতিবাদকাৰীসকল একত্ৰিত হৈছিল। এই প্ৰতিবাদকাৰীসকলে মোডী বিৰোধী প্লেকাৰ্ড লৈ প্ৰদৰ্শন কৰিছিল আৰু কাশ্মীৰ আৰু অনুচ্ছেদ ৩৭০ বাতিলৰ দৰে বিভিন্ন বিষয়ত শ্ল’গান দিছিল।

ইয়াৰ পাছত আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু আমি ‘দা ৱাইৰ’ৰ ইউটিউব চেনেলত এই প্ৰতিবাদৰ এক  ভিডিঅ’ ২০১৯ চনত প্ৰকাশিত হোৱা দেখিলোঁ । উক্ত ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি যে ভাইৰেল ফটোবোৰ সেই প্ৰতিবাদৰে হয় । 

ভিডিঅ’টোৰ বিৱৰণত উল্লেখ কৰা হৈছে যে সেই সময়ত মোডীৰ হিউষ্টন ভ্ৰমণৰ বিৰুদ্ধে ভাৰতীয়-আমেৰিকান সকলৰ এক মিত্ৰজোঁটে প্ৰতিবাদ কৰিছিল। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ভাৰতত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে কথা পাতিছিল।

ফলাফল

মোডী বিৰোধী পোষ্টাৰ দেখুওৱা ভাইৰেল ছবিবোৰ ২০১৯ চনৰ আৰু মোডীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সৈতে সম্পৰ্কিত নহয় । মোডী বিৰোধী প্ৰতিবাদৰ এই ছবিবোৰ ২০১৯ চনৰ, যেতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল। ‘হাউডি মোডী’ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোডীৰ সমৰ্থকৰ লগতে কিছু প্ৰতিবাদকাৰীয়ে তেওঁৰ বিৰুদ্ধে শ্ল’গান দিছিল।

Avatar

Title:মোডী বিৰোধী পোষ্টাৰ দেখুওৱা ভাইৰেল ছবিবোৰ শেহতীয়াকৈ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *