ইণ্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ফটো। য’ত বহু মহিলাক উলংগ হৈ থিয় হৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এইসকল মহিলাই। আৰক্ষীয়ে ইতিমধ্যে নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ভাইৰেল ফটোখনৰ সৈতে ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে - "बेशर्मी से नग्न अवस्था में सुरक्षाबलों के विरोध करती इन हाहाकारी कुकी ईसाई महिलाओं को अगर इसी अवस्था में पकड़ कर गांव में घुमा दिया तो सबको रोना आ रहा है और यही दंगाई कुकी ईसाई समाज जब मैतैई हिन्दूओं को मार काट रहे थे तो मुंह में दही जमाए पड़े थे। मोढी जी सही कहते हैं – हिप्पोक्रेसी की भी सीमा होती है मित्रों" ("নিৰ্লজ্জভাৱে উলংগ হৈ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা এই কুকি খ্ৰীষ্টান মহিলাসকলক যদি এনেদৰেই গাঁৱত ঘুৰুৱাই ফুৰুৱা হয়, তেতিয়া সকলোৰে কান্দোন ওলায়, আৰু এই কুকি খ্ৰীষ্টান সমাজখনে যেতিয়া মেইটেই হিন্দুসকলক মাৰি কাটি আছিল তেতিয়া সকলো চুপ হৈ আছিল। মোদীজীয়ে ঠিকেই কৈছে - হিপোক্ৰেছিৰো সীমা আছে বন্ধুসকল")।

Facebook Link | Archived Link

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই ফটোখন লক্ষ্য কৰি আমি দেখিলোঁ যে তাত The Assam Rifles বুলি লিখা আছে।‌ এই ছবিখনৰ মানদণ্ড অলপ বেয়া, যাৰ বাবে ইয়াক পুৰণি ছবিৰ দৰে দেখা গৈছে। এই সকলোবোৰ দেখাৰ পিছত আমি আমাৰ অনুসন্ধানত আগবাঢ়িলোঁ।

আমি যেতিয়া এই ছবিখনৰ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ, তেতিয়া আমি ই-পাও নামৰ ৱেবছাইট এটাত একেখন ছবি পালোঁ। সংলগ্ন তথ্যত উল্লেখ আছে যে ২০০৪ চনৰ ১৫ জুলাইত মণিপুৰৰ ৰাজধানী ইম্ফলত ১৭ নং অসম ৰাইফলছৰ (কংলা গেট) গেটত বাৰগৰাকী মহিলাই অসম ৰাইফলছৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। মনোৰমা নামৰ এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছিল আছাম ৰাইফলছৰ জোৱানে।

Archived Link

২০১৯ চনৰ ২২ জানুৱাৰীত প্ৰকাশিত ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ইম্ফলৰ কংলা দুৰ্গৰ সন্মুখত মণিপুৰৰ বাৰগৰাকী মহিলাই উলংগ হৈ "ইণ্ডিয়ান আৰ্মী ৰেপ আছ" বুলি লিখা বেনাৰ এখন হাতত লৈছিল। দুৰ্গৰ বাহিৰত উলংগ শৰীৰ আৰু মুকলি চুলিৰ মহিলাসকলে হাতত প্লেকাৰ্ড লৈছিল য'ত লিখা আছিল "ভাৰতীয় সেনা আমাক ধৰ্ষণ কৰা, আমি সকলো মনোৰামাৰ মাতৃ আৰু আমাক হত্যা কৰা।" থাংজাম মনোৰমা নামৰ ৩২ বছৰীয়া এগৰাকী মহিলাক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা ১৭ নং আছাম ৰাইফলছৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা হৈছিল। উগ্ৰপন্থী বুলি সন্দেহ কৰি তেওঁলোকে মনোৰামাক ঘৰৰ পৰা লৈ গৈছিল। পিছদিনা তেওঁল মৃতদেহ উদ্ধাৰ হৈছিল, য’ত ১৬টা গুলীৰ আঘাত, গুপ্তাংগ নষ্ট হোৱাৰ লগতে ভৰি দুখনত বহু আঘাতৰ চিন আছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী আংশিকভাৱে মিছা। এই ফটোখনৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই। ফটোখন ২০০৪ চনত অসম ৰাইফলছৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰহে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই।

Written By: Debanjana Baishya

Result:Partly False