

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইখনমান বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোকেইখনত বহুতো গাড়ীৰ এক বিশাল ৰেলী দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য হয় ।
উল্লেখযোগ্য যে কিছুদিনৰ পৰা কংগনা ৰাণাৱটক লৈ বিভিন্ন বিতৰ্ক হৈ আছে আৰু বিশেষকৈ কংগনাৰ মহাৰাষ্ট্ৰ চৰকাৰৰ লগত হোৱা সংঘাতৰ বাতৰিয়ে দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
অসমতো এই বিশেষ ফটো কেইখন বহুল ভাৱে প্ৰচাৰ হৈছে । দেৱজ্যোতি বৰা নিউ নামৰ এক ফেচবুক প্রফাইলৰ পৰা উক্ত ফটো কেইখন এক ফেচবুক পোষ্টৰ জৰিয়তে ১১ ছেপ্টেম্বৰ, ২০২০ তাৰিখে আপলোড কৰা হৈছিল । “আজি কংগনা ৰেনাৱটক মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য, লগ দিছে ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে। #এয়াহে #হিন্দুত্ব, আমাৰ #অসমত চলি থকাবোৰ নহয়। মুৰত থকা নিজা নিজা মাল আৰু স্বাৰ্থ অনুযায়ী উপলব্ধি কৰাহে কথা।” বুলি পোষ্টটোত লিখা হৈছে । উক্ত পোষ্টটোত বিভিন্ন জনে লাইক, কমেণ্ট কৰা দেখা গৈছে ।
এইয়া সঁচাকৈ বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য হয় নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
প্ৰথমে আমি এই ফটোখন য়ানদেক্সত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু একেই ধৰণৰ এখন ফটো এক ইউটিউব ভিডিঅ’ৰ থাম্বনেইল হিচাবে দেখা পালোঁ । উক্ত ভিডিঅ’টোৰ বিৱৰণৰ পৰা ভিডিঅ’টো ৰাজস্থানৰ বাৰ্মেৰ নামৰ ঠাইখনত অনুষ্ঠিত হোৱা এক কংগ্ৰেছ ৰেলিৰ হয় বুলি জানিব পৰিলোঁ । আমি ইয়াৰ পাছত কীৱৰ্ডছ ব্যৱহাৰ কৰি বাৰ্মেৰ কংগ্ৰেছৰ এক ফেচবুক পে’জত উক্ত ফটোখন বিচাৰি পালোঁ । উক্ত ফটোখন মাৰ্চ ২২, ২০১৬ চনত ফেচবুকত আপলোড কৰা হৈছিল ।


আমি এই ফটোখন য়ানদেক্সত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু আমি একেই ধৰণৰ ফটো বিভিন্ন ইউটিউব ভিডিঅ’ৰ থাম্বনেইল হিচাবে দেখিলোঁ । উক্ত ভিডিঅ’বোৰত লিখা আছে যে এইয়া ৰাজ সেখাৱতৰ ৰেলী হয় । তেখেত কৰ্ণী সেনাৰ গুজৰাট শাখাৰ প্ৰধান হয় । আমি ইয়াৰ পাছত কৰ্ণী সেনাৰ ফেচবুক পেজটো চালোঁ আৰু একেইখন ফটো অলপ ক্রপ কৰি ২২ ডিচেম্বৰ, ২০১৯ তাৰিখে আপলোড কৰা দেখিলোঁ ।

ইয়াৰ উপৰিও ফেক্ট ক্ৰেছচেণ্ড হিন্দীত ইয়াৰে এখন ফটোৰ ইতিমধ্যে ফেক্ট চেক কৰা হৈছে আৰু বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ লগত কোনো সম্পৰ্ক নাই বুলি স্পষ্ট হৈছে ।

ফলাফল
এই ভাইৰেল ফটো কেইখনৰ বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ লগত কোনো সম্পৰ্ক নাই আৰু বৰ্তমানৰ নহয় । উক্ত ফেচবুক পোষ্টটো ভুৱা হয় ।

Title:এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য নহয়!
Fact Check By: Manjori BorkotokyResult: False