
শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচএপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ –
“উচ্চ সতৰ্কবাণী:
সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু আগন্তুক লোকপিয়লৰ বাবে সকলোৰে হাতত বৈধ পৰিচয় পত্ৰ থকাটো নিশ্চিত কৰাৰ দাবী কৰে। ঘৰ-দুৱাৰ লুণ্ঠন কৰিছে। মন কৰিব যে চৰকাৰৰ পৰা এনে কোনো পদক্ষেপ লোৱা নাই। অনুগ্ৰহ কৰি এইটো আপোনাৰ ওচৰ-চুবুৰীয়া আৰু অন্যান্য গ্ৰুপলৈ পঠাওক। পৰিয়াল আৰু বন্ধু-বান্ধৱীক সতৰ্ক কৰি দিব।
এজন ব্যক্তিয়ে ঘৰলৈ আহি কয় – মই আপোনাৰ ফটো / বুঢ়া আঙুলিৰ ছাপ ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ অধীনত ল’ব বিচাৰিছোঁ। তেওঁলোকৰ হাতত থাকে এটা লেপটপ, এটা বায়’মেট্ৰিক মেচিন আৰু পৰিয়ালৰ সকলো সদস্যৰ নামৰ তালিকা। তেওঁলোকে এখন তালিকা দেখুৱাই এই সকলো তথ্য বিচাৰে। এই সকলোবোৰ আচলতে ভুৱা। তেওঁলোকক কোনো তথ্য নিদিব।
বিশেষকৈ মহিলাসকল ঘৰত অকলে থকাৰ সময়ত তেওঁলোকৰ Identity card দেখুৱালেও ঘৰৰ ভিতৰত সোমাবলৈ নিদিব। সকলোৱে সজাগ হৈ গ্ৰুপত নথকা সকলক জনাব।
জনহিতাৰ্থে প্ৰচাৰিত
উচ্চ সতৰ্কবাণী!”

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা তেনে কোনো সতৰ্কবাণী পঠিওৱা হৈছেনে চালোঁ, কিন্তু তেনে কোনো তথ্য আমি বিচাৰি নাপালোঁ। তদুপৰি ভাৰতৰ কোনো অঞ্চলতেই তেনেধৰণৰ ঘৰ লুট কৰা ঘটনাৰ কোনো বাতৰি আমি নাপালোঁ।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি ২০১৭ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখে দক্ষিণ আফ্ৰিকাৰ গৃহ মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰত অনুৰূপ ঘটনা এটাৰ বিষয়ে কৰা এটা টুইট পালোঁ।
ইয়াৰ পৰা আমি ক’ব পাৰোঁ যে এই মেচেজটো দক্ষিণ আফ্ৰিকাৰ গৃহ বিভাগৰ পৰা ২০১৭ চনত পঠিওৱা হৈছিল। সেই একেটা মেচেজ বৰ্তমান কিছু সালসলনি কৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হোৱা বুলি কোৱা হৈছে।
এই একেটা মেচেজ চিংগাপুৰ আৰু মালয়েছিয়াতো ভাইৰেল হৈছিল
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল মেচেজটো ভুৱা। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা তেনে কোনো সতৰ্কবাণী পঠিওৱা হোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?
Written By: Debanjana BaishyaResult: False
