শেহতীয়াকৈ এটা পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে অসমৰ ডিমা হাছাও জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ ৯০ জন ভোটাৰ আছিল, কিন্তু ইভিএমত ১৭১ টা ভোট পোৱা গৈছে। নিৰ্বাচন আয়োগৰ পাঁচজন বিষয়াকো নিলম্বন কৰা হৈছে।

এই সম্পৰ্কে কৰা এটা টুইটৰ স্ক্ৰীণশ্বট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ'ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সঁচাকৈয়ে ডিমা হাছাওত ভোটগ্ৰহণত অনিয়ম হৈছিল নেকি।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২১ চনৰ ৫ এপ্ৰিলত টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ ১ এপ্ৰিলত হাফলং সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল। ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভোটাৰ তালিকাত ৯০টা নাম আছিল যদিও ইভিএমত ১৭১টা ভোটদান হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে জিলা নিৰ্বাচনী বিষয়াই ১০৭(এ) খোটলিৰ এল পি স্কুলত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পাঁচজন ভোটগ্ৰহণ বিষয়াক নিলম্বন কৰি পুনৰ ভোটদানৰ প্ৰস্তাৱ আগবঢ়াইছিল।

Archived Link

একেটা ঘটনা সম্পৰ্কে ইণ্ডিয়া টুডেতো এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল।

গতিকে আমি জানিব পাৰিলোঁ যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিমা হাছাওৰ এক ভোটগ্ৰহণ কেন্দ্ৰত ৯০ জন‌ ভোটাৰৰ বিপৰীতে ১৭১ টা ভোট পোৱা গৈছিল।

কিন্তু এনেধৰণৰ কোনো শেহতীয়া ঘটনাৰ খবৰ আমি নাপালোঁ।

আমি পুনৰ অনুসন্ধান কৰি মূখ্য নিৰ্বাচনী বিষয়া, অসমৰ এটা টুইট পালোঁ য'ত স্পষ্টীকৰণ দিয়া হৈছিল যে ভাইৰেল পোষ্টটো ভুৱা।

Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে অসমৰ ডিমা হাছাওত সাধাৰণ নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ দাবী বিভ্ৰান্তিকৰ। অতিৰিক্ত ভোটদানৰ ঘটনাটো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল আৰু বৰ্তমান চলি থকা সাধাৰণ নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হোৱা ভোটগ্ৰহণৰ অনিয়মৰ ঘটনা শেহতীয়া সাধাৰণ নিৰ্বাচনৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya

Result: Misleading