মণিপুৰত দুগৰাকী মহিলাৰ সৈতে হোৱা বৰ্বৰতাৰ ঘটনাত দেশৰ কেইবাখনো চহৰত ব্যাপক গৰিহণা, লগতে প্ৰতিবাদৰ ঢৌ উঠিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে ৰাজপথ দখল কৰা কিছুমান ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি মণিপুৰৰ হিংসাৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে। পোষ্টটোত শ্বেয়াৰ কৰা চাৰিখন ফটোৰ ভিতৰত তিনিখন ফটোত প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে, চতুৰ্থ ফটোখনত বিপুল জনসমাগমৰ মাজত বাছত থিয় হৈ থকা লোকক দেখা গৈছে।

ভাইৰেল পোষ্টটোৰ সৈতে লিখা আছে – মণিপুৰত কুকি মহিলাৰ ওপৰত হোৱা নৃশংস ধৰ্ষণৰ প্ৰতিবাদত শ শ ভাৰতীয়ই ৰাজপথলৈ ওলাই আহি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। চৰকাৰে কিয় ২ মাহ শুই আছিল আৰু ধৰ্ষণ হত্যা ৰোধ কৰিবলৈ একো নকৰিলে বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীয়ে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল পোষ্টটোৰ আটাইকেইখন ফটো ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া প্ৰথম ফটোখন ৰয়টাৰছ ফটো গেলেৰীত পালোঁ। ফটোখন ২০১২ চনৰ ডিচেম্বৰ মাহৰ ২২ তাৰিখে আপলোড কৰা হৈছিল।

প্ৰকাশিত বাতৰিৰ কেপশ্বনত লিখা আছে – ৰাষ্ট্ৰপতি ভৱনৰ সমীপত প্ৰতিবাদকাৰীক পৃথক কৰিবলৈ জলকামান ব্যৱহাৰ কৰিছে আৰক্ষীয়ে।

২০১২ চনৰ ২২ ডিচেম্বৰত নতুন দিল্লীত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ দিশে সমদল কৰা হাজাৰ হাজাৰ লোকক ঘূৰাই পঠিয়াবলৈ আৰক্ষীয়ে লাঠি, কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰিছিল। ঘটনাৰ অন্যান্য ছবিও এই বাতৰিত আছে।

দ্বিতীয় ফটো

অসংখ্য লোক বাছৰ ওপৰত থিয় হৈ থকা ফটোখন আমি ২০২০ চনৰ টাইমছ নাওৰ ৰিপোৰ্টত পালোঁ। য’ত ২০১২ চনৰ দলবদ্ধ ধৰ্ষণ গোচৰৰ সৈতে জড়িত ১১খন ফটো আছিল। প্ৰতিবেদনত ফটোখনৰ লগত দিয়া কেপশ্বনত লিখা আছে যে ২০১২ চনৰ ১৬ ডিচেম্বৰত এগৰাকী পেৰামেডিকেল ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ ফলত দেশজুৰি হুলস্থুলৰ সৃষ্টি হৈছিল।

তৃতীয় ফটো

২০২০ চনত প্ৰকাশিত দ্য নিউজ মিনিটৰ এক প্ৰতিবেদনত আমি তৃতীয়খন ফটো পাইছিলোঁ।প্ৰতিবেদন অনুসৰি নিৰ্ভয়া কাণ্ডৰ বিৰুদ্ধে হৈছিল এই প্ৰতিবাদ। প্ৰতিবাদৰ উদ্দেশ্য আছিল মহিলাৰ ওপৰত হোৱা নিৰ্যাতন, আইন পৰিৱৰ্তনৰ দাবী আৰু পৰিস্থিতি সম্পৰ্কে দৃষ্টি আকৰ্ষণ কৰা।

চতুৰ্থ ফটো

বেৰিকেডৰ ওচৰত থকা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা এই ফটোখন আমি পালোঁ দ্য নিউয়ৰ্ক টাইমছত। এই খবৰটো ২০১২ চনৰ ২২ ডিচেম্বৰত প্ৰকাশ পাইছিল। য’ত কোৱা হৈছিল যে দলবদ্ধ ধৰ্ষণৰ গোচৰত ন্যায় আৰু উন্নত আইন প্ৰয়োগৰ দাবীত নতুন দিল্লীত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈছিল।

পঞ্চম ফটো

শেষত আমি পঞ্চম ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এই ফটোখন slate.com ত পাইছিলোঁ। ২০১৫ চনৰ ২১ ডিচেম্বৰত প্ৰকাশ পাইছিল এই খবৰ। ছবিখনৰ কেপচন অনুসৰি ২০১২ চনত নতুন দিল্লীত জ্যোতি সিঙৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত এইগৰাকী মহিলা আৰক্ষীৰ পানী কামানৰ সন্মুখীন হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটোত সংলগ্ন ফটোসমূহৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই বৰং এইসমূহ ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ লগত জড়িত ফটোহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোসমূহ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ নহয়।

Written By: Debanjana Baishya

Result: Misleading