শুকুৰবাৰে গভীৰ নিশা মৰক্কোত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৮ । পৰ্যটনৰ বাবে বিখ্যাত মাৰাকেছ চহৰৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে বিশ্বৰ সকলো দেশেই দুখ আৰু শোক প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জি-২০ সন্মিলনৰ সময়ত মৰক্কো দুৰ্ঘটনাত হোৱা লোকৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে যিবোৰ মৰক্কোৰ ভূমিকম্পৰ বুলি কোৱা হৈছে।

এনে সময়তে ফেচবুকত The Custodian নামৰ প'ৰ্টেল এটাত এটা ভিডিঅ' আপলোড কৰা হৈছে য'ত মৰক্কোৰ ভূমিকম্পৰ বুলি দাবী কৰি কিছুমান ফটো আৰু ভিডিঅ' ক্লিপ সংলগ্ন কৰা হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ'টো আমি কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ভিডিঅ'টোৰ কেইবাটাও অংশত এখন গাড়ী আৰু কেইবামহলীয়া অট্টালিকা ধ্বংসস্তুপৰ মাজত দেখা গৈছিল।

এই ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি গম পালোঁ যে এই দৃশ্য তুৰস্কত হোৱা বিধ্বংসী ভূমিকম্পৰহে। এই সম্পৰ্কে বহুতো প্ৰতিবেদন আমি পালোঁ য'ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল।

আমি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে প্ৰকাশিত চি এন এনৰ এক প্ৰতিবেদন পালোঁ য'ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে তুৰস্ক আৰু ছিৰিয়াৰ বিধ্বংসী ভূমিকম্পত ৪৩০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এই সম্পৰ্কে আৰু প্ৰতিবেদন ইয়াত আৰু ইয়াতো পঢ়িব পাৰিব।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু আৰু বিপুল সা-সম্পত্তিৰ ক্ষতি হয়। য’ত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ মতে প্ৰায় ১৫ লাখ লোক গৃহহীন হৈ পৰিছিল।

মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ কিছুমান দৃশ্য ইয়াত আৰু ইয়াত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো আংশিকভাৱে মিছা। ভিডিঅ'টোৰ কিছুমান অংশত থকা এখন গাড়ী আৰু কেইবামহলীয়া অট্টালিকা ধ্বংসস্তুপৰ মাজত দেখা ফটো মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং তুৰস্কত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা ভূমিকম্পৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হয়নে?

Written By: Debanjana Baishya

Result: Partly False