শেহতীয়াকৈ এটা বিশেষ মেচেজ চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰদ্বাৰা পঠিওৱা বুলি দাবী কৰা এই মেচেজটোত কোৱা হৈছে যে বিভিন্ন ক'ল্ড ড্ৰিংকছ যেনে মাজা, ক'কা কোলা, চেভেন আপ, পেপছি আদিত সেই কোম্পানীত কৰ্মৰত কোনো কৰ্মচাৰীয়ে ইবোলা ভাইৰাছ সংক্ৰমিত তেজ মিহলি কৰিছে। এই বাতৰিটো এন ডি টি ভি ত সম্প্ৰচাৰিত হোৱা বুলিও দাবী কৰা হৈছে। এই মেচেজটো হোৱাটচ‌এপযোগেও ফ'ৰৱাৰ্ড হোৱা দেখা গ'ল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্ছ কৰিলোঁ। মেছেজটোত উল্লেখ কৰা ধৰণে আমি এন ডি টি ভিৰ কোনো ধৰণৰ বাতৰি বিচাৰি নাপালোঁ। তাৰ পিছত আমি হায়দৰাবাদ পুলিচৰ অফিচিয়েল টুইটাৰত ২০১৯ চনৰ জুলাই মাহৰ ১৩ তাৰিখে কৰা এটা টুইট পালোঁ য'ত উল্লেখ কৰা হৈছিল যে ভাইৰেল মেচেজটো ভুৱা।

আমি জানিব পাৰিলোঁ যে এই একেটা মেচেজ ২০১৯ চনতো ভাইৰেল হৈছিল।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্ছ কৰিলোঁ আৰু ২০২৩ চনৰ জুন মাহৰ ৩০ তাৰিখে পি আই বিৰ টুইটাৰত প্ৰকাশ পোৱা টুইট এটা পালোঁ। তাত স্পষ্টকৈ লিখা আছিল যে ভাইৰেল মেচেজটো ভুৱা, ভাৰত চৰকাৰে তেনেধৰণৰ কোনো মেচেজ দিয়া নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল মেচেজটো ভুৱা। এইধৰণৰ ভুৱা মেচেজ সময়ে সময়ে ভাইৰেল হৈ জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছে। ভাৰত চৰকাৰে তেনেধৰণৰ কোনো মেচেজ পঠিওৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই মেচেজটো সঁচাকৈয়ে ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰ তৰফৰপৰা পঠিওৱা হৈছেনে?

Written By: Debanjana Baishya

Result: False