ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই!

False Social

WhatsApp Image 2020-07-22 at 18.18.04.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । সমগ্ৰ দেশখন ইতিমধ্যে লক ডাউনৰ বিভিন্ন পৰ্য্যায়ৰ মাজেদি পাৰ হৈ গৈছে । লক ডাউন ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত শিথিল কৰি দিয়া হৈছে যদিয়ো স্কুল-কলেজ সমূহ এতিয়াও বন্ধ হৈ আছে । স্কুল-কলেজ সমূহ চৰকাৰে কেতিয়া খুলিবলৈ অনুমতি দিব সেই বিষয়ে ইতিমধ্যে গুণা গঁথা চলি আছে । 

এনে সময়তে এক বিশেষ বার্তা ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে গৃহ মন্ত্ৰালয়ে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিছে । ইণ্ডিয়া নিউজ নামৰ নিউজ চেনেলটোৰ বাতৰিৰ এক স্ক্ৰিনশ্বট হোৱাটচ এপ্পত বহুল ভাৱে শ্বেয়াৰ কৰা হৈছে । ‘ফেক্ট ক্ৰেছচেণ্ড অসমীয়া’ৰ সৈতে উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো এজন লোকে শ্বেয়াৰ কৰিছে আৰু ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ অনুৰোধ কৰিছে । তেওঁ উক্ত স্ক্ৰিনশ্বটটো হোৱাটচ এপ্পত পোৱা বুলি আমাক জনাইছে । 

WhatsApp Image 2020-07-22 at 11.48.41.jpeg

সংৰক্ষিত লিংক

সঁচাকৈ ভাৰতৰ গৃহ মন্ত্ৰালয়ে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি এই বিষয়ে কিছুমান বিশেষ বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু অৱশেষত গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক স্পষ্টীকৰণ যোৱা ২৬ মে’, ২০২০ তাৰিখে দিয়া দেখিবলৈ পালোঁ । আমি জানিব পাৰিলোঁ যে উক্ত স্ক্ৰিনশ্বটটো আমি কেইবামাহৰ পৰা শ্বেয়াৰ হৈ আছে আৰু ভাইৰেল হৈ পৰিছে । তেওঁলোকে স্পষ্ট কৰিছে যে এনে কোনো সিদ্ধান্ত গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে লোৱা নাই । 

MHA school twitter.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

ইয়াৰ উপৰিও আমি এই বিষয়ে শেহতীয়াকৈ প্ৰকাশ পোৱা আন এক বাতৰি দেখিলোঁ য’ত কোৱা হৈছে যে স্কুল-কলেজ পুনৰাই খোলাৰ বিষয়ে অভিমত বিচাৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ফালৰ পৰা বিভিন্ন ৰাজ্য সমূহক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে নিজ নিজ ৰাজ্যৰ অভিভাৱক সকলক যোগাযোগ কৰি স্কুল-কলেজ পুনৰাই কেতিয়াৰ পৰা খোলা উচিত সেই বিষয়ে মতামত গ্ৰহণ কৰিব লাগে । গতিকে এই বিষয়ে যে কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই, সেইয়া স্পষ্ট হৈ পৰিছে । 

MHA school quint.png

ফলাফল

ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই । শেহতীয়াকৈ এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে অভিভাৱক সকলৰ মতামত জানিবলৈ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছেহে ।

Avatar

Title:ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *