শেহতীয়াকৈ চ'চিয়েল মিডিয়াত স্বামী বিবেকানন্দৰ চিকাগো ভাষণ বুলি এটা ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত স্বামী বিবেকানন্দৰ নিচিনা পোছাক পৰিহিত এজন ব্যক্তিয়ে ভাষণ আৰম্ভ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ'টো স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ দৃশ্যৰ। ভিডিঅ'টো ফেচবুকতো আমি পালোঁ।

Facebook Link | Archived Link

কিন্তু সঁচাকৈয়ে সেয়া স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্য হ‌য়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো ভালদৰে লক্ষ্য কৰিলোঁ আৰু সেই ভিডিঅ'টো কোনো নাটক বা চিনেমাৰ দৃশ্য যেন লাগিল।

আমি গুগলত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া Vivekananda Samiti IIT Kanpur নামৰ ইউটিউব চেনেল এটাত "Swami Vivekananda Chicago speech Recreation" শীৰ্ষক এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোৰ প্ৰথম ১ মিনিটৰ অংশখিনি আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি Sri Ramakrishna Math Chennai ৰ ইউটিউব চেনেলত ২০১৮ চনৰ অক্টোবৰ মাহৰ ৪ তাৰিখে আপলোড হোৱা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোৰ শিৰোনামত লিখা আছিল "Vivekananda By Vivekananda | Full Movie | Life History | English | Official" এইদৰে। ভিডিঅ'টোৰ ১৩:৩৫ টাইমষ্টেম্পত ভাইৰেল ভিডিঅ'টো আমি পালোঁ।

তদুপৰি ভিডিঅ'টোৰ বিৱৰণ পঢ়ি আমি নিশ্চিত হ'লোঁ যে এই ভিডিঅ'টো শ্ৰী ৰামকৃষ্ণ মঠ চেন্নাইৰদ্বাৰা প্ৰযোজিত এখন চিনেমাৰহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্যৰ নহয় বৰং এখন চিনেমাৰহে দৃশ্যাংশ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্যৰ নহয়।

Written By: FactCrescendo Assamese

Result: Missing Context