শেহতীয়াকৈ চ'চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল'বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে লিখা আছে যে এই কথাখিনিৰ উৎস হ'ল 'বিদেহ গাথা' নামৰ কিতাপখন।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ কিন্তু স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰিওৱা বুলি কোনো তথ্য নাপালোঁ।

ইয়াৰ পিছত আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

আমি ইণ্টাৰনেট আৰ্কাইভত টাইমছ ডেইলীৰ ১৯৬২ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত ভাইৰেল ফটোখনৰ সৈতে একেই ফটো এখন সংলগ্ন কৰা হৈছিল আৰু লিখা আছিল যে সুৰক্ষাকৰ্মীয়ে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক পাটনাত সমবেত বিশৃংখল জনতাৰ মাজলৈ যোৱাত বাধা দিছিল। নেহৰুৰ কংগ্ৰেছ দলৰ মিটিঙত কৃষকসকলে তীব্ৰ প্ৰতিবাদ কৰিছিল। ফটোখনত AP Wirephoto বুলি লিখা আছিল।

অনুগ্ৰহ কৰি ইয়াত চাওক।

এইবাৰ কীৱ'ৰ্ড চাৰ্চ কৰি AP অৰ্থাৎ এচোছিয়েটেড প্ৰেছে তোলা জৱাহৰলাল নেহৰুৰ ভাইৰেল ফটোখন বিচাৰিলোঁ আৰু মূল ফটোখন পালোঁ। তাত লিখা আছিল এইদৰে "A security man grabbed Indian Prime Minister Nehru to keep him from plunging into a riotous crowd at a meeting of the Congress Party in Patna, India, January 1962. Later in the year, Communist China's attack on India plunged Nehru into new troubles. (AP Photo)( ১৯৬২ চনৰ জানুৱাৰী মাহত ভাৰতৰ পাটনাত কংগ্ৰেছ পাৰ্টিৰ এখন সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰুক উত্তাল জনসমাগমৰ মাজত নপৰিবলৈ এজন নিৰাপত্তাৰক্ষীয়ে ধৰিছিল।বছৰৰ শেষৰ ফালে ভাৰতত কমিউনিষ্ট চীনৰ আক্ৰমণৰ ফলত নেহৰু নতুন সমস্যাত ডুব গৈছিল। (এ পি ফটো))।

অনুগ্ৰহ কৰি ইয়াত চাওক।

আমি বিদ্যানন্দ বিদেহ সম্পৰ্কে জানিবলৈ কীৱ'ৰ্ড চাৰ্চ কৰি Veda sansthan নামৰ এটা ৱেবছাইটত তেওঁৰ বিষয়ে পালোঁ। বিদ্যানন্দ বিদেহ আছিল উক্ত প্ৰতিষ্ঠানটোৰ জন্মদাতা। কিন্তু জৱাহৰলাল নেহৰুক তেওঁ চৰ মাৰিছিল বুলি কোনো তথ্য আমি নাপালোঁ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। জৱাহৰলাল নেহৰুৰ
এই ফটোখন ১৯৬২ চনত পাটনাত হোৱা কংগ্ৰেছ দলৰ মিটিঙৰ আছিল য'ত ক্ষুব্ধ জনতাৰ মাজলৈ যোৱাত জৱাহৰলাল
নেহৰুক নিৰাপত্তাৰক্ষীয়ে বাধা দিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Written By: FactCrescendo Assamese

Result: Misleading