

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বলিউদৰ প্ৰখ্যাত অভিনেতা তথা কমেডিয়ান আৰু নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰি এক ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰ পাছত আন কিছু লোকে অভিনেতা জনৰ মৃত্যু হৈছে বুলি তেওঁৰ আত্মাৰ সতগতি কামনা কৰি এই ফেচবুক পোষ্টটো শ্বেয়াৰ কৰা দেখা গৈছে ।
প্ৰথমে দীপাংকৰ নাথ গুটি নামৰ এক ফেচবুক প্রফাইলৰ পৰা এই পোষ্টটো আপলোড কৰা হৈছে য’ত জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ‘অলপ আগতে খবৰ টু পাইছোঁ, যদি সঁচা হয়, বহুত দুখজনক খবৰ, মোৰ প্ৰিয় অভিনেতা 😥’ বুলি লিখি ফেচবুক পোষ্টটো তেওঁ ৭ ছেপ্টেম্বৰ, ২০২০ তাৰিখে আপলোড কৰিছে । উক্ত পোষ্টটোত তেওঁ কিন্তু আন এক ফেচবুক পোষ্টৰ এক স্ক্ৰীনশ্বট আপলোড কৰিছে য’ত জাফৰিৰ দুখন ফটো সংলগ্ন আছে আৰু ‘RIP Javed Jaffrey’ বুলি লিখা আছে । উক্ত ফেচবুক পোষ্টটো ১২৭ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে ।
ইয়াৰ পাছত উক্ত পোষ্টটো অমৰজ্যোতি মহন্ত নামৰ আন এক প্ৰফাইলৰ পৰা শ্বেয়াৰ কৰা হৈছে য’ত তেওঁ অভিনেতা জনৰ মৃত্যু হৈছে বুলি তেওঁৰ আত্মাৰ সতগতি কামনা কৰি এক পোষ্ট লিখিছে । এনে ধৰণে বিভিন্নজনে বলিউদৰ প্ৰখ্যাত অভিনেতা তথা কমেডিয়ান আৰু নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি ফেচবুকত উক্ত ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰা দেখা গৈছে ।

সঁচাকৈ বলিউদৰ প্ৰখ্যাত অভিনেতা জাভেদ জাফৰিৰ মৃত্যু হৈছে নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু ক’তো এই ধৰণৰ বাতৰি প্ৰকাশ হোৱা আমাৰ চকুত নপৰিল ।
ইয়াৰ পাছত আমি জাভেদ জাফৰিৰ ভেৰিফাইদ টুইটাৰ প্ৰফাইলটো চালোঁ আৰু দেখিলোঁ যে তেওঁ কালিও সাধাৰণ ভাৱে টুইট কৰিছে ।

আমি এই সম্পৰ্কে নিশ্চিত হবলৈ বলিউড অভিনেতা জাভেদ জাফৰিৰ লগত যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে তেওঁ ঠিকেই আছে আৰু তেওঁৰ দেউতাকহে দুমাহৰ আগত ঢুকাইছে ।
ফলাফল
বলিউদৰ প্ৰখ্যাত অভিনেতা তথা কমেডিয়ান আৰু নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি প্ৰচাৰ হোৱা বাতৰিটো ভুৱা । গতিকে ভাইৰেল ফেচবুক পোষ্টটোৱে ভুৱা বাতৰি বিয়পাইছে যিহেতু উক্ত পোষ্টটো শ্বেয়াৰ কৰি বিভিন্নজনে জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি প্ৰচাৰ কৰিছে ।

Title:বলিউদৰ প্ৰখ্যাত অভিনেতা তথা নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হোৱা নাই!
Fact Check By: Manjori BorkotokyResult: False