
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
ৱুহান ক’ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে ভিটামিন চি খালে ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
ভিটামিন চি খালে সঁচাকৈ ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি এই বিষয়ে কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু চিডিচি ৱেবছাইটত এই বিষয়ে এক লিখনি দেখা পালোঁ । ভিটামিন চি’য়ে শাৰীৰিক ব্যায়াম কৰি থকা ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণ পানী লগা বেমাৰ ৰোধ কৰাত সহায় কৰে কিন্তু পানী লগা বেমাৰ আৰম্ভ হোৱাৰ পাছত খালে কোনো কাম নিদিয়ে ।
আমি এই বিষয়ে হাৰবাৰ্ডৰ এক বিশেষ স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত এক লিখনি দেখা পালোঁ য’ত স্পষ্টকৈ লিখা আছে যে ভিটামিন চি খালে সঁচাকৈ ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি প্ৰচাৰ হোৱা বাতৰিটো সম্পূৰ্ণ ভাবে মিছা আৰু ভিত্তিহীন । বিতংকৈ ইয়াত পঢ়ক ।
আমি এই সম্পৰ্কে আৰু জানিবলৈ অসম চৰকাৰৰ এজন চাব ডিভিজনেল মেডিকেল এণ্ড হেলথ অফিচাৰ, ডাঃ নিপেন বৰুৱাৰ লগতো কথা পাতিলোঁ আৰু তেওঁ নিশ্চিত কৰিলে যে ভিটামিন চি খালে ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি বা ই প্ৰতিষেধক হিচাবেও ব্যৱহাৰ কৰিব নোৱাৰি ।
ফলাফল
ভিটামিন চি খালে ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি । প্ৰতিষেধক হিচাবেও ভিটামিন চি ব্যৱহাৰ কৰিব নোৱাৰি । এনে ধৰণৰ বাতৰিবোৰ সম্পূৰ্ণ ভুৱা আৰু মনেসজা ।

Title:ভিটামিন চি খালে সঁচাকৈ ক’ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি?
Fact Check By: Manjori BorkotokyResult: False