ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

Partly-False Social

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য:

* ৩১ মে’ সন্ধিয়াৰ খবৰ

* ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল

* গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো গুৱাহাটীত বৰষুণৰ সৈতে মাছ সৰি পৰা বুলি দাবী কৰা বাক্যশাৰীৰ সৈতে সংলগ্ন । Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। অনুসন্ধানৰ পাছত গম পালোঁ যে পথৰ ওপৰত অসংখ্য মাছ দেখা যোৱা ফটোখন অসমৰ নহয়।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ আমালৈ অহা ফটোখন ক্ৰপ কৰিলোঁ। ৰিভাৰ্চ ইমেজ চাৰ্চৰ ফলাফল দেখি, দুৰ্ঘটনাৰ ফটোখন উত্তৰ প্ৰদেশৰ বুলি আমি গম পালোঁ। এইবাৰ আমি গুগলত কীৱ’ৰ্ড চাৰ্চ কৰি ৩১ মে’ ২০২২ তাৰিখে উত্তৰ প্ৰদেশৰ বৰেলীত হোৱা এটা দুৰ্ঘটনাৰ নিউজ ৰিপ’ৰ্ট কেইটামান পালোঁ। সেই নিউজ ৰিপ’ৰ্টত থকা ফটো আৰু আমালৈ হোৱাটচ‌এপযোগে অহা ফটোখনত থকা দুৰ্ঘটনাৰ ফটোখন আছিল সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ইয়াৰ পিছত আমি দ্বিতীয় ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি “হেডলাইনচ্ ইণ্ডিয়া” (Headlines India) নামৰ এটা ৱেবছাইটত এটা নিউজ ৰিপ’ৰ্ট পালোঁ, য’ত স্পষ্টভাৱে লিখা আছিল যে ফটোখন বিহাৰৰ গয়া জিলাৰ আমস থানা এলেকাৰ। 

নিউজ ৰিপ’ৰ্টত কোৱা হৈছে যে মাছেৰে ভৰ্তি এখন ট্ৰা‌‌কে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ট্ৰাক খনৰ পিছফালে থকা মাছবোৰ ৰাস্তাত পৰে আৰু ৰাস্তাত থকা মানুহবোৰে মাছ ধৰিবলৈ হেঁতা-ওপৰা লগায়। ঘটনাটো আছিল ২০২২ চনৰ মে’ মাহৰ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আমি কীৱ’ৰ্ড চাৰ্চ কৰি আৰু কেইটামান নিউজ ৰিপ’ৰ্ট পালোঁ। অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত পঢ়ক।

আমি NBT Bihar-Jharkhand নামৰ এটা ইউটিউব চেনেলতো এটা ভিডিঅ’ দেখিলোঁ । 

Archived Link

একেটা ভিডিঅ’দেখিলোঁ “নিউজ নেশ্বন” (News Nation) নামৰ ইউটিউব চেনেল এটাতো।

Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ফটোখনত উল্লেখ থকাৰ দৰে ৰাস্তাত সিঁচৰতি হৈ থকা মাছবোৰৰ ফটোখন গুৱাহাটীৰ নহয় বৰং বিহাৰৰ গয়া জিলাৰহে আৰু ঘটনাটো পুৰণিও হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

Fact Check By: Debanjana Baishya 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *