
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৫৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে দুহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭২ জনৰ মৃত্যু হৈছে । অসমতো ১৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ ৰোগৰ লগত সম্বন্ধ থকা বিভিন্ন মেছেজ হোৱাটচ এপ্পৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।
ভাৰতত ইতিমধ্যে ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছে আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোকে এই লক ডাউন মানি চলিবলৈ কঠোৰ ভাবে নিৰ্দেশ চৰকাৰে দিছে । এই লক ডাউন ১৪ এপ্ৰিল তাৰিখে অন্ত পৰিব । এই সময়তে হোৱাটচ এপ্পত এখন ফটো বহুল ভাৱে শ্বেয়াৰ হৈছে য’ত লিখা আছে যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লক ডাউন ৪ মে’ পৰ্যন্ত বঢ়াই দিছে ।
সঁচাকৈ লক ডাউন ৪ মে’ পৰ্যন্ত বঢ়াই দিয়া হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি লক্ষ্য কৰিলোঁ যে ভাইৰেল হোৱা ফটোখন ইণ্ডিয়া টুডেই নামৰ নিউজ চেনেলটোৰ এক ভিডিঅ’ নিউজৰ স্ক্ৰীনশ্বট হয় । আমি বাতৰিটোৰ লগত সম্পৰ্ক থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ইউটিউবত এক চাৰ্ছ কৰিলোঁ আৰু ২৪ মাৰ্চ, ২০২০ তাৰিখে ইণ্ডিয়া টুডেইত প্ৰকাশিত প্ৰকৃত বাতৰিটোৰ ভিডিঅ’টো পালোঁ । উক্ত ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ২১দিনীয়া লক ডাউন ঘোষণা কৰিছিল । এই ভিডিঅ’টোত ৪ মে’ পৰ্যন্ত লক ডাউন বঢ়াই দিয়াৰ দৰে কোনো ঘোষণা আমাৰ চকুত নপৰিল ।

গতিকে ভাইৰেল স্ক্ৰীনশ্বটটো আচলতে এডিত কৰি বনোৱা হৈছে আৰু জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা হৈছে । বুজাত সুবিধা হবলৈ প্ৰকৃত আৰু এডিটেড, দুয়োটা সংস্কৰণ তলত দিয়া আছে:

Left: ভুৱা, Right: সঁচা
ইয়াৰ পাছত আমি এই সম্পৰ্কে কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে এনে ধৰণৰ কোনো বাতৰি, প্ৰেছ ৰিলিজ বা বক্তব্য কোনো নিউজ গোষ্ঠীৰ ৱেবচাইটত প্ৰকাশ হোৱা নাই ।প্ৰধানমন্ত্ৰী জনৰ ছচিয়েল মিডিয়া একাউন্টবোৰতও আমি এই সম্পৰ্কে কোনো বক্তব্য প্ৰকাশ কৰা দেখা নাপালোঁ ।
আমি এই সম্পৰ্কে আৰু চাৰ্ছ কৰি প্ৰচাৰ ভাৰতী নিউজ চাৰ্ভিছৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এই সম্পৰ্কে এক টুইট দেখা পালোঁ ।

তাত লিখা আছে যে তেওঁলোকে কেবিনেট চেক্ৰেটেৰী লগত এই সম্পৰ্কে যোগাযোগ কৰিছিল আৰু তেওঁ ভাইৰেল ফটোখনৰ কথা শুনি আশ্চৰ্য প্ৰকাশ কৰিলে, লগতে স্পষ্ট কৰি দিলে যে লক ডাউন বঢ়াই দিয়াৰ কোনো প্লেন বৰ্তমান নাই ।
ফলাফল
ভাইৰেল ফটোখন ভুৱা হয় আৰু বৰ্তমানলৈকে লক ডাউন বঢ়াই দিয়াৰ সম্পৰ্কে কোনো ঘোষণা প্ৰধানমন্ত্ৰীজনে কৰা নাই । গতিকে লক ডাউন ৪ মে’, ২০২০ লৈকে বঢ়াই দিয়া হৈছে বুলি এক উৰা বাতৰিহে ভাইৰেল হৈছে আৰু সাধাৰণ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক ডাউন ৪ মে’ পৰ্যন্ত বঢ়াই দিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False